সমললৈ যাওক

পৃষ্ঠা:দোঁহাৱলী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দোঁহাৱলী।

( ২০ )

ৰসন সাফ কৰ ৰে মন ধৰ গৰীবি বেশ।
শীতল বোলি লেকে চল সবহি তোমাৰা দেশ॥

হেৰ মন, জিভা নিকা কৰি
 ধৰ তই দুখীয়াৰ বেশ,
মিঠা কথা ব্যৱহাৰ কৰ; —
 হব তোৰ বিদেশো স্বদেশ।

( ২১ )

কৌউকা কিসকা ধন হৰে কোকিল কিসকো দে।
মিঠি বাত্সে পিকবৰ জগৎ বশ কৰকে লে॥

কাউৰীয়ে কাৰো ধন হৰণ নকৰে
 কুলিয়ে নকৰে ধন দান;
মউ-সনা কথাৰেই কিন্তু পিকবৰে
 জগতক কৰিছে অধীন।

(২২)

ৰাজা ৰাজ্য বশ কৰে যোদ্ধা কৰ ৰণ জই।
আপনা মনকো বশ কৰে যো সবকা সেৰা সোই॥

ৰজাই কৰে ৰাজ্য শাসন,
 যুঁজাৰুৱে কৰে ৰণ জয়;
আপোন মনক বশ কৰে
 যেয়ে, শ্ৰেষ্ঠ বীৰ তেৱেঁ হয়