সমললৈ যাওক

পৃষ্ঠা:দেহাৰ প্ৰলয়.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দেহাৰ প্ৰলয়।

(২৮)

 “জয় ৰাম” বুলি ধীৰে ধীৰে তুলি,
 সৱে ধৰি-মেলি চাঙ্গিত ইবেলি
নিলে শ্মশানলৈ মোক কৰি হৰিধ্বনি।
মৰণৰ মহাশঙ্খ বাজে ঘনে-ঘনি।

(২৯)

 চিতাৰ আকাৰ দেখি হাহাকাৰ
 কৰে সমজ্যাৰ লোক অনিবাৰ;
খন্তেকতে ভস্মীভূত পৃথিবীৰ কায়!
ভৌতিক দেহাটি হাঁয় হল পুৰি ছাই!

(৩০)

 নিৰ্ব্বিকাৰ হই  আছোঁ মই চাই;
 চিন্তা-শোক নাই,  লুপ্ত শঙ্কা-ভয়;
আলেঙ্গে আলেঙ্গে ফুৰো চাই কাৰ্য্য-গতি।
সংলিপ্ত নাথাকে মোৰ একোতেই মতি।

(৩১)

 সকলোৱে কয়- "মায়া-মোহময়
 ধন-বস্তুচয়,  একোৱে নৰয়;
সংসাৰত সাৰ-বস্তু মাথোন ঈশ্বৰ।
ধৰ্ম্মনিষ্ঠ হব লাগে যত নাৰী নৰ”।