সমললৈ যাওক

পৃষ্ঠা:দেহাৰ প্ৰলয়.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেহাৰ প্ৰলয়।

( ১৬ )


মন্ত্ৰ-উচ্চাৰণ কৰে গুৰুজন,
বোলে ঘনে ঘন— “লোৱাঁ নামধন”;
জানিলোঁ তেতিয়া, এয়ে মৰণৰ থলী;
ছিগি যাব তিলেকতে সংসাৰ-শিকলি।

( ১৭ )


কিহৰে বা মাত হাঁয় অকস্মাত্
কাণৰ গুহাত পৰিল নিৰ্ঘাত!
কিয় নো কাটিছে বাঁহ, কিবা কথা পাঙ্গি?
বুজিলোঁ সাজিছে মোৰ মৰণৰ চাঙ্গি!

(১৮ )


উপজিছে ভয়, যাম অকলই
হাঁয় কেনেকই আজি বাৰু মই!
নেদেখা- নুশুনা ৰাজ্য, অচিনাকি দেশ।
মনত আশঙ্কা-ডৰ লাগিছে বিশেষ।

( ১৯ )


দেখা নাইকিয়া বাট কেনেকুৱা;
পোনে পোনে যোৱা, নাইবা পকোৱা;
বাঘ ভালুকৰ ভয় আছে নে কি হাঁয়!
হাবি নে মুকলি ঠাই, একো জনা নাই।