চেন-ই আনন্দ মনেৰে বেলিৰ ৰাজ্যলৈ গৈ বেলিৰ দেৱতা হলগৈ ৷ কিন্তু বেচেৰাই ঘৈণীয়েক হেং-হোৰ কথা পাহৰে কেনেকৈ ? এদিন পোহৰ ৰথত জোনৰ ৰাজ্যত হাজিৰ হলগৈ। গৈ দেখে যে বিশাল সেই জন-মানৱহীন বৰফৰ ৰাজ্যত পাত-পত্ৰ নোহাৱা এজোপা গছৰ তলত হেং-হো আমন-জিমনকৈ অকলে অকলে বহি আছে ৷ অকস্মাতে চেন-ইক সন্মুখত দেখি বেচেৰীয়ে ভয় খাই থিয় দিলে। চেন-ইয়ে কিন্তু হাঁহি ধেমালিৰে কথা-বাৰ্ত্তা কৈ তেওঁৰ ভয় ভাঙ্গিলে। হেং-হোক থাকিবলৈ চেন-ই-য়ে এটি ধুনীয়া কাৰেঙো সাজি দিলে। প্রতি মাহে এবাৰকৈ আহি হেং-হোক চাই যাবহি বুলিও প্রতিশ্রুতি দিলে। অকলশৰীয়া জীৱনৰ ওৰ পৰিল বুলি ভাবি হেং-হোৰ মুখত হাঁহি নধৰা হ'ল । সেই দিনাৰ পৰাই জোনে বেলিৰ পৰা পোহৰ পালে। বেলিৰ দেৱতা চেন-ই যেতিয়া জোন দেৱী হেং-হোৰ কাষলৈ যাত্ৰা কৰে, তেতিয়াই লাহে লাহে জোনৰ মুখ-খনি হাঁহিৰে ভৰপূৰ হয় ৷ তেওঁৰ সেই হাঁহিয়েই ৰূপালী পোহৰ হৈ পৃথিবীত সিঁচৰতি হৈ পৰে। পুনৰ বেলিয়ে ধীৰে ধীৰে যেতিয়া ঘূৰি নিজৰ দেশলৈ খোজ লয়, তেতিয়া জোনৰ ৰাংঢালি হাঁহি ম্লান হৈ মুখ-খনি “একেবাৰে এন্ধাৰ হৈ পৰে। এইদৰেই চেন-ই আৰু হেংহোৰ মিলন বিৰহ লৈয়ে পূর্ণিমা আৰু অমাৱস্থাৰ উৎপত্তি হৈছে।
পৃষ্ঠা:দেশ-বিদেশৰ সাধু.pdf/৬৪
অৱয়ব