সমললৈ যাওক

পৃষ্ঠা:দেশ-বিদেশৰ সাধু.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫
জোন আৰু বেলিৰ মিল —
 

তেওঁৰ নাম দিলে “চেন-ই”, অর্থাৎ ‘স্বৰ্গৰ কাড়ী”। তেওঁক ৰাজ্যৰ বৰ পদবীও যাচিলে। ফুলৰ মৌ খাই সম্ৰাটৰ কাষত বহি থকাই চেন-ইৰ ঘাই কাম হ'ল।

 সময় যোৱাৰ লগে চেন-ইয়ে নিজৰ অদ্ভূত বীৰত্ব দেখুৱাই ৰাজ্যৰ সকলোকে আচৰিত কৰিলে । যুঁজত ধুমুহাৰ দেৱতাক হৰুৱালে; সেইবাৰ ধুমুহাৰ পৰা চীন দেশ ৰক্ষা পৰিল । ভয়ঙ্কৰ নটা ড্ৰেগনে যেতিয়া মুখৰ পৰা জুই উলিয়াই গোটেই দেশত জুই জ্বলাইছিলহি, চেন-ই-য়েই তেতিয়া তাহাতক খেদি পঠিয়ালে। আকৌ যেতিয়া বান পানীয়ে গোটেই দেশ উটুৱাই দিলেহি, তেতিয়াও চেন-ই-য়েই গৈ জলদেৱতাক যুদ্ধত ঘটুৱাই তেওঁৰে ভনীয়েক হেং হোক নিজৰ ঘৰলৈ লৈ আহিল। চীন সম্রাটে মহা সমাৰোহেৰে তেওঁলোক দুয়োৰো বিয়া পাতি দিলে । বিয়াৰ লগত কত যে ৰজাঘৰীয়া উপঢৌকন!

 এদিন মাজ নিশা চকমক কৰে টোপনিৰ পৰা সাৰ পাই সম্রাট ইয়াওয়ে দেখিলে যে হীৰাৰ মালাৰ দৰে এটি কোমল পোহৰ পৃথিবীৰ এমূৰৰ পৰা সিমূৰলৈ বিয়পি পৰিছে। কথাটো জানিবলৈ সম্রাটে তৎক্ষণাৎ চেন-ইক পঠিয়ালে । চেন-ই-য়ে পৰ্ববতলৈ উৰি গৈ তাৰ অধিষ্ঠাত্ৰী দেৱী চীন-মূৰ প্রাসাদ পালেগৈ। তাতে গম পালে যে দেৱীৰ জীয়েকে সেই পোহৰ মালাৰ বাটেদি মাকক সাক্ষাৎ কৰিবলৈ আহিছিল৷ চেন-ইৰ পৰিচয় পাই দেৱীয়ে তেওঁক আদৰ সাদৰকৈ মাতি নি বহুৱাই এটি কাৰেং সাজি দিবলৈ অনুৰোধ জনালে । চেন-ইয়ে অতুলনীয়