জোন আৰু বেলিৰ মিলন
[ চীন দেশৰ সাধুকথা ]
সত্য যুগৰ কাহিনী। চীন সম্রাট ইয়াওৱে এদিন ৰাজ্যৰ অৱস্থা চাই ৰাজধানীৰ বাটে বাটে ঘূৰি ফুৰোঁতে হঠাতে এজন মানুহ তেওঁৰ সমুখত থিয় হলহি। মানুহজনৰ বাওঁ হাতত এখন প্রকাণ্ড ধেনু আৰু সোঁহাতত এপাত জোঙ্গাল কাঁড়। ৰজাক সেৱা জনাই মানুহজনে কলে, “সৰ্গদেউ, মোৰ নাম চি-চিয়াং । পৃথিবীত মোৰ সমান নিপুণ কাঁড়ী নাই । তাৰ বাহিৰেও মই আৰু এটা আচৰিত কাম কৰিব পাৰোঁ। বতাহৰ লগত যি ঠাইলৈকে ইচ্ছা তালৈকে মই উৰি যাব পাৰে৷।”
চি-চিয়াং-অৰ কথাৰ প্ৰমাণ চাবলৈ সম্রাটে কলে, “ভাল কথা তেনেহলে, সমুখৰ ওখ পৰ্ববতটো যে দেখিছা, আকাশৰ গাত সৰু কলা ৰেখাৰ দৰে তাৰে টিঙ্গত সৌ দীঘল গছ জোপা থিয় হৈ আছে, সেই গছ কাঁড়েৰে শালিব পাৰিবানে ?”
সম্ৰাটৰ নিৰ্দেশৰ লগে লগে ধেনুৰ পৰা কাঁড় ওলাই সোঁ সোঁ শবদে পর্ব্বতৰ টিঙ্গৰ পিনে গ'ল। চি-চিয়াং নিজেও আকাশলৈ উৰিল—জানিবা আকাশত গড়ুণ্ড পখিহে উৰিছে। অলপ সময়ৰ পিছত চি-চিয়াঙ্গে শৰ যেতিয়া ওভোটাই আনিলে সেই কথা দেখি সম্রাট আৰু পাৰিষদবর্গ ই তবধ মানিলে । সম্রাটে সন্তোষ পাই