সমললৈ যাওক

পৃষ্ঠা:দেশ-বিদেশৰ সাধু.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩
নিগনিৰ বুদ্ধি—
 

 পিছদিনা পুৱা পুনৰ শোভাযাত্রা হল । পূৰ্ব্বৰ দিহামতে ৰাম্বেই মাতিলে— “অ ভাই আম্বে, তুমি আছা ক'ত ?”

“অ ভাই ৰাম্বে, ম‍ই আছো সৰ্ব্বশেষত । ”

আগদিনাৰ দৰে আজিও নিগনিহঁতে চিঞৰ বাখৰ কৰি অহাত মেকুৰীৰ খঙে চুলিৰ আগ পালেগৈ। উঠি অহা খং দমাব নোৱাৰি নিগনিদলৰ মাজত জাপ দি পৰিল । নিগনিবোৰ আগৰেপৰা এনে বিপদৰ কাৰণে সাজু আছিল। সকলোৱে চকুৰ পচাৰতে তৰানৰা ছিঙি ধানৰ জাপৰ মাজত সোমাল গৈ মেকুৰীয়ে নিগনিৰ বিশ্বাস হেৰুৱাই আহাৰৰ অভাৱত মেওঁ মেওঁকৈ ভঁৰাল এৰিবলগীয়া হ'ল।

সৰ্ব্বসম্মতিক্রমে আম্বে আৰু ৰাম্বে নিগনিৰ দলপতি নিৰ্বাচিত হ'ল ৷