সমললৈ যাওক

পৃষ্ঠা:দেশ-বিদেশৰ সাধু.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দেশবিদেশৰ সাধু—
৫২
 

মেকুৰীয়ে সাহ নকৰিলে, ভোক আৰু খঙত জ্বলা-কলা হৈ মেকুৰীয়ে মেওঁ মেওঁ কৰি নিজৰ মনতে কলে—

 “ভাল এইবাৰলৈ সাৰিলি । সন্ধিয়া ইয়াৰ পোটক তুলিম, চাবি।” মেকুৰীয়ে কিন্তু আম্বে ৰাম্বেৰ টেঙ্গৰালি ধৰিব নোৱাৰিলে। সন্ধিয়াও আম্বে-ৰাম্বেই কথা কোৱা-কুই কৰি গল। সেই সাজো মেকুৰীৰ অনাহাৰ !

 শুদা পেটে থাকি মেকুৰীৰ ৰাতি টোপনি নাহিল । পিছদিনা পুৱা প্ৰতিশোধ লোৱাৰ কথা ভাবি ভোট ভোটাবলৈ ধৰিলে, “ৰ, বাচাহঁত, মোক অনাহাৰে থোৱাৰ পোটক কালিলৈ পুৱা ভালকৈ পাবি ৷ লেখি লেখি একুৰি নিগনি মুখত নভৰাওমানে মোৰ খং মাৰ নগৈছে কিন্তু।”

 মাজনিশা ভঁৰালৰ চুকত নিগনিবোৰৰো ডাঙৰ মিটিং বহিল । আম্বে আৰু ৰাম্বেই মেকুৰীয়ে কি কাৰচাজিৰে তাঁহাতৰ পো-পোৱালি ধ্বংস কৰিব লাগিছে সেই কথা গয়ৰহ নিগনিক বুজাই কলে। আম্বেই বুদ্ধি দিলে “ভাইসকল, আমি কোৱা কথাৰ সঁচা মিছাৰ প্ৰমাণ চাবলৈ কালিলৈ পুৱা শোভাযাত্রাত যোগ দিবাহি। কিন্তু মনত ৰাখিবা, আজিৰ দিনটো অনাহাৰে থাকি মেকুৰীৰ খং উঠা স্বাভাৱিক। পেটৰ পোৰণিত কালিলৈ কি কৰে ঠিক নাই। মেকুৰীয়ে কাৰোবালৈ চোঁচা ললেই সকলোৱে লৰি গৈ নিজ নিজ ঘৰত সোমাবলৈ সাজু থাকিবাহঁক ।”