সমললৈ যাওক

পৃষ্ঠা:দেশ-বিদেশৰ সাধু.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫১
নিগনিৰ বুদ্ধি—
 

 পুৱা শোভাযাত্ৰাৰ সময় হল। ভঁৰালৰ চাৰিও- কোণৰ পৰা পো-পোৱালি, নাতি-পুতি, বুঢ়া-থোৰে সৈতে নিগনি পৰিয়ালে লৰি আহি শোভাযাত্ৰাত যোগ দিলে। ৰাম্বে গল দলৰ আগত আৰু আম্বে হল শেষত। ৰাম্বেই মেকুৰীক প্ৰণাম জনোৱাৰ লগে লগেই মাতিলে, “অ ভাই আম্বে, তুমি আছ৷ কত?”

 আম্বেই জাত লগাই কলে, “অ ভাই ৰাম্বে, মই আছে। সৰ্ববশেষত।”

 এইদৰে প্ৰশ্ন আৰু উত্তৰ দিয়া দি কৰি আম্বে মেকুৰীৰ কাষ চাপিল । কথা-বতৰা হৈ থকাৰ কাৰণে আম্বেক ধৰিবলৈ