সেইদিনা সন্ধিয়াই ভঁৰালৰ কোণত পৰি থকা ডুখৰি পীৰা এখনত বহি মেকুৰীয়ে নিগনিহঁতৰ আলেখ-লেখ বুজিলে। নিগনিবোৰে সমদলে আহি মেকুৰীক মূৰ দোঁৱাই সেৱা কৰি গ'ল। মেকুৰীয়ে কিন্তু এটা মজাৰ বুদ্ধি পাঙি থৈছিল। নিগনিৰ শোভাযাত্ৰাটো তেওঁৰ কাষৰ পৰা পাৰ হলেই কোনোৱে উমান নোপোৱাকৈ তাই সর্বশেষৰ নিগনিটোক ঘপহ কৰে ডিঙিত টেপা দি ধৰি মুচৰি খাই থব ৷
এই বুদ্ধিৰে দিনে দুটাকৈ নিগনিৰে কিছুদিন মেকুৰীৰ আহাৰ মিলিল। লাহে লাহে ৰাম্বে আৰু আম্বে নামৰ দুটি সিয়ান নিগনিয়ে অভিসন্ধিটো গম ধৰিব পাৰিলে ।
আম্বেই ক’লে—“মেকুৰীয়ে প্ৰতিবাৰতে এটিকৈ নিগনি ধৰি খায় বুলি মোৰ হলে মনে গোন্ধাইছে । তুমি কি ভাবা ?”
ৰাম্বেই মূৰ জোকাৰি শলাগিলে, – “এৰা, ময়ো কেইদিনমানৰ পৰা কথাটো তোমাক কওঁ কওঁ কৈয়ে আছো।”
“ইয়াৰ কিবা এটা উপায় উলিওৱা । নহলে অচিৰে জাতি ধ্বংস হব”, আম্বেই কলে৷
ৰাম্বেই ফুচ-ফুচাই বুদ্ধি দিলে, “আজিৰ পৰা সমদলৰ আগত মই যাম, তুমি শেষত আহিবা । মই তোমাক মাতি যাম, তুমি প্রতি বাৰতে উত্তৰ দিবা।”
“বঢ়িয়া ব্যৱস্থা দিছা । ৰাম্বে নহলে আমাৰ আজিয়েই মৰণ !”