সমললৈ যাওক

পৃষ্ঠা:দেশ-বিদেশৰ সাধু.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

নিগনিৰ বুদ্ধি
[ তিব্বতৰ সাধু ]

 মেকুৰী এজনী আছিল ভঁৰাল ঘৰত। ভঁৰালত ধানৰ জাপৰ মাজে মাজে সৰু ডাঙৰ অসংখ্য নিগনিয়ে পিয়া-পি দি ফুৰে। গতিকে মেকুৰীয়ে বেচ সুখে সন্তোষেই খাই লৈ আছিল । বয়সৰ লগে লগে চকুৰ জ্যোতি টুটি অহাত আৰু শৰীৰৰ শক্তি কমাত মেকুৰীয়ে বৰকৈ লৰিব চৰিব নোৱাৰা হল। ইফালে দিনক দিনে নিগনিবোৰ হল টেঙ্গৰ; মেকুৰীৰ সহাৰি পালেই ভঁৰালৰ চুকে কোণে ফৰিং ছিটিকা দি ছিটিকে। কষ্ট নকৰাকৈ কেনেকৈনো নিগনি ধৰি খাব পাৰি বুঢ়ী মেকুৰীয়ে মনে মনে তাৰে ফন্দি পাঙিলে ।

 এদিন ভঁৰালৰ উধৰ পৰা মুধলৈকে মেওঁ নেওঁকৈ চিঞৰি মেকুৰীয়ে নিগনিহঁতক কোনো অপকাৰ নকৰোঁ বুলি কলে, “বন্ধুসকল, জীৱনত মই বহু পাপ কাম কৰিলোঁ; তাৰ বাবে আজি অনুতাপ আহিছে। সেইবাবে মই লামা হৈছো । আজিৰপৰা তোমালোকৰ কোনো অনিষ্ট নকৰোঁ বুলি মই শপত খাইছো। তোমালোকৰ ওচৰত এয়ে অনুৰোধ যে দিনত দুবাৰকৈ তোমালোকে সমদলে আহি মোক শ্ৰদ্ধা জনাই যাবাহি।”

 মিঠা কথাত ভোলগৈ মুকলিমূৰীয়া হৈ ফুৰিব পাৰিব বুলি নিগনিবোৰে মেকুৰীটোৰ নিৰ্দেশমতে চলিবলৈ স্বীকাৰ কৰিলে ৷