সমললৈ যাওক

পৃষ্ঠা:দেশ-বিদেশৰ সাধু.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫
এহালি কপৌ—
 

 আউলে তাৰ ভাগৰ কপৌটো ৰাতিয়েই ৰান্ধি খালে; গুনালে তাৰ ভাগৰটো সঁজাত ভৰাই পুহিবলৈ দিহা কৰিলে । গুনালে কপৌটোক সদায় ভাতপানী দি মৰম চেনেহ কৰে। এদিনা কপৌটো অকলে ঘৰত এৰি দুয়োজন পথাৰলৈ যোৱাত চিঙউইলে সজাৰ পৰা ওলাই পূৰ্ব্বৰ ৰূপ ধৰি ঘৰৰ সকলো কাম কৰি আকৌ কপৌ হৈ সঁজাত সোমাই থাকিল ৷

 পথাৰৰ পৰা ঘূৰি আহি কোনোবাই ভাত-পানী ৰান্ধি-বাঢ়ি, ঘৰ-দুৱাৰ সাজি মচি থোৱা দেখি তাহাতে বিস্ময় মানিলে । পিছদিনাও ঠিক সেইভাৱে সকলো কাম পৰিপাটিকৈ থোৱা দেখি আচৰিত হল । মনে মনে এইবোৰ দেও-ভূতৰ কাম বুলিয়েই ভাবিলে।

 ঘটনাটোৰ কাৰণ জানিবলৈ ইচ্ছা কৰি আউলে পিছদিনা পথাৰলৈ নগৈ ঘৰতে শু‍ই থাকিল। কিন্তু বপুৰাই টোপনিত লাল-কাল দিওঁতেই চিঙউইলে সঁজাৰ পৰা ওলাই সকলো কাম শেষ কৰি আকৌ কপৌ হৈ থাকিল । দুদিন ছান্দিও ধৰা পেলাব নোৱাৰাত ককায়েক গুনালে নিজেই তৃতীয় দিনা ঘৰতে ৰল ৷ টোপনি অহাৰ ভাও জুৰি সি পাটীত দীঘল দি আছে। চিঙউইলে তিৰোতাৰ বেশ ধৰি ভাত ৰান্ধিবলৈ ধৰোতেই গুনালে পিছফালৰ পৰা আহি তাইৰ চুলিকোছাত থাপ মাৰি ধৰিলে । কাৰো সাৰি-সহাৰি নেপাই চিঙউইলে ৰূপ সলালে।

 চিঙউইলে তেতিয়া কান্দি কান্দি অনুনয় বিনয় কৰি ক'লে, — “মোক এৰি যাবলৈ দিয়ক, নহলে আপোনাৰ অমঙ্গল হব।”