এহালি কপৌ
[গাৰো সাধু]
পুৰণিকালত গাৰোৰ মাজত এজন আটন্তিয়াৰ লোক আছিল। তেওঁৰ পৰিয়ালৰ ভিতৰত ঘৈণীয়েক, চাৰিজনী ছোৱালী আৰু শাহুয়েক। ডাঙৰ দুজনী ছোৱালীৰ নাম আউইল আৰু চিঙউইল। দুয়ো গাভৰু হৈছে, দেখা-শুনাত শুৱনি স্বভাৱ-চৰিত্ৰও ভাল। নুমলীয়া দুজনী নোজ আৰু দিম্চি। ছোৱালী কেইজনীৰ বুঢ়ীমাক কিন্তু পৰৰ দোষ খোচৰা তিৰোতা; নাতিনীয়েকহঁতক মুঠেও দুচকু পাৰি দেখিব নোৱাৰিছিল। হকে-বিহকে সদায় নাতিনীয়েকহঁতৰ দোষহে উলিয়াইছিল। আউইল আৰু চিঙউইলে ভাত ৰান্ধে আৰু বুঢ়ীমাকে ছেগ চাই উতলা ভাতত মূৰৰ চুলি আৰু পানীৰ কলহত ধূলি-মাকতি পেলাই থয়। বুঢ়ীয়ে এইদৰে সিহঁতক নিজহাতে শাস্তি নিদি সদায় মাকৰ হতুৱাই গুৰুলা-গুৰুল কিল খুৱাইছিল।
এদিন পুৱা আউইল আৰু চিঙউইলক মাকে ধান এগাল ভঁৰালৰ পৰা উলিয়াই বানি চাউল উলিয়াই ভাত ৰান্ধিবলৈ আদেশ দি নিজে পথাৰত ধান নিৰাবলৈ গ'ল। মাক যোৱাৰ লগে লগে দুয়ো বায়েক ভনীয়েকে ধান জাৰি চোতালত ৰ'দত মেলি দিলে, এনেতে মুমলীয়া ভনীয়েক নোজ আৰু দিম্চিয়ে