সমললৈ যাওক

পৃষ্ঠা:দেশ-বিদেশৰ সাধু.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দেশবিদেশৰ সাধু—
৪০
 

 আঁতৰত থিয় দি ৰং চাই থকা জন্তুবোৰে কিনো ঘটনা ঘটিল প্রথম অৱস্থাত গম নেপালে। যেতিয়া চেতন হল, শিয়ালক তেতিয়া খেদি যোৱা মিছা।

 তেতিয়াৰ পৰা শিয়ালে দুনাই ভুলতো পুখুৰীৰ পাৰত ভৰি দিয়া নাই। কাছই কিন্তু পানীৰ যুঁৱলিত জুপুকা লাগি শিয়ালক ধৰিবলৈ এতিয়াও ছান্দি আছে।