সমললৈ যাওক

পৃষ্ঠা:দেশ-বিদেশৰ সাধু.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
মাটিৰ তলত সোণৰ মোহৰৰ কলহ—
 

 “খন্তেক ৰবা,” খেতিয়কে নিৰ্দেশ দিলে। “কালি বিয়লি এইখিনিতে বৰশী পেলাই গৈছিলোঁ। চাওঁচোন, কিহবাই খুটিছে নে নাই।” ডোলত আজোৰ দিয়াৰ লগে লগে বৰশীত লাগি থকা শহাটো ওপৰলৈ উঠি আহিল।

 “চাওঁ, চাওঁ, কি লাগিছে?” বৰশীত শহা লগা দেখি বিস্ময়ত ঘৈণীয়েকৰ চকু স্থিৰ! “বিলত শহাপহু? ভাল নোহোৱা নোপোজা কথাখন হৈছে দেও! নিশ্চয় এইবোৰ কোনোবা দেও ভূতৰহে কাম। তোমাৰ ওপৰত প্ৰসন্ন হৈ এইদৰে সহায় কৰিছে।”

 ঘৰলৈ আহি মাছ-মঙ্গহেৰে বঢ়িয়াকৈ ৰান্ধি বাঢ়ি গিৰিয়েক ঘৈণীয়েক দুয়ো দুসন্ধ্যা খালে। কিছুদিন তেওঁলোকৰ সম্পত্তি লাভৰ কথা কোনোৱে নজনাকৈ গ'ল। কিন্তু এদিন হঠাৎ ৰজাঘৰৰ চৰিয়া আহি খেতিয়কৰ ঘৰত উপস্থিত! খেতিয়কে একলহ সোণৰ মোহৰ পাইছে বুলি ৰজাৰ কাণত পৰিছে। ৰজাই গিৰিয়েক ঘৈণীয়েক দুয়োকে বিচাৰৰ কাৰণে মাতি পঠিয়াইছে।

 দুয়ো ৰজাৰ চ'ৰাত উপস্থিত হ'ল। ৰজাই সুধিলে, – “শুনিছোঁ, পথাৰত সোণৰ মোহৰ একলহ পাই তোমাৰ ঘৰৰ মজিয়াত বোলে পুতি থৈছা? মালিক নোহোৱা বস্তুৰ অধিকাৰী ৰজা বুলি নেজানা জানো?”

 “স্বৰ্গদেউ, কথাটো সঁচা নহয়।” খেতিয়কে ভয়ে ভয়ে উত্তৰ দিলে।