সমললৈ যাওক

পৃষ্ঠা:দেশ-বিদেশৰ সাধু.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেশবিদেশৰ সাধু—
২৬
 


 “চোৱাচোন” ঘৈণীয়েকে আচৰিত হৈ চিঞৰিলে;—“ভাল হাবিত মাছ ওলালহি।”

 অলপ গৈ দুয়ো লেটেকু গছৰ ওচৰ চাপিল। তাতে কৌপাতৰ টোপোলা দেখি নমাই চাই ঘৈণীয়েকে উত্ৰাৱল হৈ ক’লে, “চোৱা, চোৱা, কি আচৰিত কথাবোৰ! লেটেকু গছত এই লাড়ুৰ টোপোলাটো আহি ক'ৰ পৰা ওলালহি।”

 “যোৱা নিশা লাড়ুৰ বৰষুণ দিছিল! তাৰে কোনোবাই কিছুমান বুটলি নিলে, কিছুমান টোপোলাত বান্ধি পাহৰি এৰি থৈ গ'ল হবলা।”

 “লাড়ুৰ বৰষুণ?” বিশ্বাস কৰিবলৈ টান পাই ঘৈণীয়েকে ক'লে।

 দুয়ে৷ গৈ বিলৰ কাষ চাপিল।