সমললৈ যাওক

পৃষ্ঠা:দেশ-বিদেশৰ সাধু.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

সম্পাদকৰ নিবেদন

 মানুহৰ আগ অৱস্থা শিশু। সেইদৰে সাহিত্যৰ গুৰি সাধুকথা। সাধুকথাই ক্ৰমবিকাশৰ ফলত গল্প, নাটক আৰু উপন্যাসত পৰিণত হৈছে। অসমীয়া সাহিত্যৰথী বেজবৰুৱাদেৱে সাধুকথাৰ এই তাৎপৰ্য্য উপলব্ধি কৰিয়েই “ককাদেউতা আৰু নাতি লৰা” আৰু “বুঢ়ী আইৰ সাধু”ৰে অসমীয়া লৰা-ছোৱালীৰ মনত ৰং লগাই তেওঁলোকৰ মনৰ পৰিসৰ বহলাবলৈ প্ৰয়াস কৰিছিল। “দেশ-বিদেশৰ সাধু” একে বাটেদিয়েই আৰু এখোজ। ইয়াত পৃথিবীৰ বিভিন্ন দেশৰ তেৰটা সাধুকথা সংগ্ৰহ কৰা হৈছে। সাধুকথা শুনাৰ লগে লগে পোনাহঁতৰ মনত জগতৰ আন আন দেশৰ বিষয়ে জানিবলৈ যাতে আগ্ৰহ ওপজে, এয়ে আমাৰ আশা।

গুৱাহাটী,
শাওন, ১৮৭০
শ্ৰীদেৱকান্ত বৰুৱা