আকৌ এদিন মোমায়েকৰ জালত কেইবাটাও মাগুৰ লাগিল । ছোৱালী কেইজনীয়ে হালধি-মছলা সানি তাৰে আঞ্জা ৰান্ধিলে । মাগুৰ মাছৰ আঞ্জাৰ মল-মলীয়া গোন্ধ নোলাহঁতৰ ঘৰলৈকে গল। নোলাৰ মাকে বতাহতে তাৰ গোন্ধ লৈ কলে, “ই, কেনে মল-মলীয়া গোন্ধ! মোমায়েৰৰ ঘৰত নিশ্চয় মাগুৰ মাছৰ আঞ্জা ৰান্ধিছে। যা, যা, মোলৈ বেগতে কেইটামান চাউল সিজাগৈ। মোমায়েৰে আমাক মাগুৰ মাছ দিয়াটো হৈছে ; এতিয়া তাৰ গোন্ধকে লৈ দুগৰাহ ভাত খাওঁ।”
নোলাই লৰালৰিকৈ দুটামান জহা চাউলৰ ভাত ৰান্ধি দিলে । ভায়েকৰ ঘৰৰ পৰা অহা মাছৰ আঞ্জাৰ গোন্ধ লৈ বুঢ়ীয়ে তৃপ্তিৰে ভাতমুঠি খালে ৷ আচৰিত কথা, তাৰ পিছদিনাৰ পৰাই নোলাৰ মাকৰ গা ভাল হৈ আহিল, কেইদিনমানৰ ভিতৰতে 'আগৰদৰে বাজ-ভিতৰ কৰি ফুৰিব পৰা হ'ল ।
মোমায়েকৰ ছোৱালী কেইজনীয়ে তাকে দেখি নোলাক সুধিলে, “জেঠাইৰ দেখোন বৰ অসুখ হৈছিল । এতিয়া হঠাতে ভাল হ'ল কেনেকৈ ?”
“তোমালোকে যে মাগুৰ মাছৰ জোল ৰান্ধিছিলা, তাৰে গোন্ধেই আইক ভাল কৰিলে। তাৰ গোন্ধ পায়ে আইৰ ভোক বাঢ়িল, সেইদিনাৰ পৰা দুবেলা দুমুঠি খাব পৰাও হ'ল ।”
কথাষাৰ শুনিয়েই ছয়োজনী বায়েক-ভনীয়েকে বাপেকৰ গুৰি পাই লগালেগৈ, “নোলাৰ মাকৰ পৰা আমি ধন উলিয়াবই লাগিব। আমাৰ মাগুৰ মাছৰ জোলৰ গোন্ধ লৈ বোলে