সমললৈ যাওক

পৃষ্ঠা:দেশ-বিদেশৰ সাধু.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
পৃথিবীত বেলিৰ পোহৰ —
 

 “বাকচটো মেলাচোন, পোহৰ ওলাওঁক”—কাউৰীয়ে কলে।

 চিলনীয়ে অকণমানকৈ বাকচটোৰ মুখখন মেলিলে। নিচেই সামান্য পোহৰ বাহিৰলৈ ওলাল।

 “আৰু অলপ পোহৰ দেখুওৱা”—কাউৰীয়ে কলে। কাউৰীয়ে কাঁইটটো উলিয়াওক চাৰি নেদেখাৰ ভাও ধৰি হেচুকি ভিতৰলৈহে সুমুৱাই দিলে।

 “উস! উস! এৰা, এৰা। ” চিলনীয়ে বিষত চিঞঁৰিলে।

 “ভাগিন, তুমি আৰু অলপ পোহৰ দেখুওৱা', তেহে মই দেখিম।” তলুৱাত হাত বুলুৱাৰ চলেৰে কাঁইটটো আৰু অলপ ভিতৰলৈ হেচুকি সুমুৱাই দিলে। বিষত তৰণি নেপাই চিলনীয়ে বাকচৰ গোটেইখন মুখ মেলি দিবলৈ বাধ্য হ’ল। তাৰে পোহৰত কাউৰীয়ে সহজে চিলনীৰ ভৰিৰ পৰা কাঁইটটো উলিয়ালে।

 সেইদিনাৰপৰা কাউৰী আন্ধাৰত থাকিব লগা নহল। কিয়নো দিনৰ পোহৰ চাৰিওফালে সিঁচৰতি হৈ পৰাত চিলনীয়ে তাক আৰু বাকচত ভৰাবলৈ অসমৰ্থ হ'ল। কাউৰীৰ টেঙৰালিৰ কাৰণেই আজি তোমালোকে বেলিৰ পোহৰ পাইছাহঁক।