লৰা-তিৰোতাৰ সৈতে লগলাগি মকৰাই অলপ অলপকৈ পকা ধান কাটি দাই নি আছে। কেৰ্ক্কেটুৱাই ধান পকিছেনে নাই চাবলৈ আহি দেখে যে কোনোবাই চুৰ কৰি ধান দাই আধাখনীয়া কৰিলেই। চোৰ ধৰিবলৈ কেৰ্ক্কেটুৱাই খাপ পিতিলে। কাটি থোৱা ধান কঢ়িয়াবলৈ মকৰা কেইদিনমানৰ পিছত পুনৰ ওলালহি। পৰৰ শস্য কিয় দাইছে বুলি সি মকৰাক সুধিলে। মকৰায়ো৷ তৎক্ষণাত কেৰ্ক্কেটুৱাক সেই একে প্ৰশ্নকে কৰিলে।
“কি কোৱাহে, এইয়া মোৰ নিজৰ খেতি” কেৰ্ক্কেটুৱাই ডাঠি কলে।
“অ' আই, ভাল দিন ডকাইতটো ওলালহি। এইয়া মোৰ ধান নহয় বুলি কোনে কব?” মকৰাই ৰৌজাল-বৌজাল কৈ উত্তৰ দিলে।
“মই কোৰ মাৰিলো, ৰুলো, নিৰালো—এতিয়া তোমাৰ খেতি হল?” কেৰ্ক্কেটুৱাই কলে।
“সেয়ে যদি সঁচা হয়, তেন্তে তোমাৰ পথাৰলৈ আহ-যাহ কৰা বাটনো কোনটো?” মকৰাই প্ৰশ্ন কৰিলে।
“মোক আকৌ বাট এটা লাগিছে কেলৈ? মই গছে-ডালে যেনিয়েই যি ফালে মন যায়, সেই পিনেই বগাই আহোঁ।”
কেৰ্ক্কেটুৱাৰ কথাত মুখ ভেঙুচালি কৰি মকৰাই মাত দিলে। “এনে গছত গৰু উঠা, হোলোঙ্গাৰে কাণ খজুৱা কথা কাৰ আগত কবলৈ আহিছা?”