এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চোৰক মোৰে পালে
[পশ্চিম আফ্ৰিকাৰ সাধু]
এটা পৰিশ্ৰমী কেৰ্ক্কেটুৱাই বহু যত্নেৰে খেতি কৰিছিল। গছ বগোৱাত পাৰ্গত কাৰণে পথাৰৰ পৰা অহা-যোৱা কৰিবলৈ তাঁৰ সুকীয়া আলিবাটৰ প্ৰয়োজন নহৈছিল। যেতিয়াই যেনি মন যায় সেইপিনেই ডাল-পাত বগাই পথাৰলৈ আহিছিল।
এদিন চিকাৰ বিচাৰি ফুৰোতে মকৰা এটাই কেৰ্ক্কেটুৱাৰ নদন-বদন পথাৰখন দেখিলে। পকা ধানৰ পথাৰখন দেখি মকৰাৰ মহা উল্লাস। ইফালে সিফালে চাইচিতি পথাৰলৈ ওলোৱা-সোমোৱা কোনো বাট নেদেখিলে। হৰিষ মনে ঘৰলৈ ঘূৰি আহি মকৰাই পো-পৰিয়াল, জ্ঞাতি-কুটুম্বৰ আগত ধুনীয়া পথাৰখনৰ কথা কলেহি। পিছদিনা মকৰা পৰিয়াল খেতি চাবলৈ আহিল আৰু আটাইখনে লগলাগি পথাৰলৈ অহা-যোৱা কৰা আলি এটা বান্ধিলে। আলি বন্ধা শেষ হোৱাত, ধূৰ্ত্ত মকৰাই মাজে মাজে খোলাকটি পেলাই থলে। তেহে খেতি কৰাৰ সময়ত মকৰাৰ পো-পোৱালিয়ে উমলিবলৈ আহি সেইবোৰ তাত পেলাইছে বুলি লোকে ভাবিব।