৶৹
শ্রীবৃদ্ধি হব নোৱাৰে । ই বৰ গুৰুতৰ কাম । এই বিষয়ত আমাক আৰ্হি লাগে আৰু পথ দেখাওতা যোগ্যবান নেতা লাগে। বর্ত্তমান বৈজ্ঞানিক যুগত অসমৰ গৌৰৱ সূৰ্য্য মাৰ গৈছে, ভাগ্যলক্ষ্মীয়ে সাগৰত বুৰ মাৰিছে, কিন্তু যিমান দিন জগতত চন্দ্ৰ দিবাকৰ থাকিব, সিমান দিন অসমৰ গৌৰৱৰ চিন একেবাৰেই নাযায়। যেতিয়ালৈকে হিন্দুৰ শ্ৰুতি আৰু স্মৃতি আছে, কাব্য আৰু অলঙ্কাৰ আছে, ব্যাকৰণ আৰু অভিধান আছে, তেতিয়ালৈকে অসমৰ আগৰ গৌৰৱ হ্রাস পালেও লোপ নাপায় ।
বিশ্ব সাহিত্য ভাণ্ডাৰৰ যাউতি যুগীয়া বেদ, পুৰাণ, সংহিতা ৰামায়ণ, মহাভাৰত প্ৰভৃতিৰ পাতে পাতে যি প্রাগ্জ্যোতিষপুৰৰ নাম সোণোৱালি আখৰেৰে জিলিকি আছে, আৰু যাৰ বীৰপুত্ৰ ভগদত্ত, নৰকাসুৰ আদিয়েই এদিন জননীৰ বিজয় ডঙ্কা বজাই মৰ্ত্তবাসীক স্তম্ভিত কৰিছিল, সেই মহানগৰী প্ৰাগ্জ্যোতিষপুৰেই আমাৰ গুৱাহাটী ।
প্ৰাগ্জ্যোতিষপুৰৰ প্ৰাকৃতিক দৃশ্য বর্ণনাতীত। ইয়াৰ কেউফালে মনোমোহ৷ পাহাৰ, বিনন্দীয়া হাবি-বননি, নদ-নদী, গছ-লতিকা আদিয়েই বিতোপন শোভা কৰি আছে। যোগী-গৃহ-গুহা শ্ৰেণীৰে পৰিবেষ্টিত হৈ থকাৰ কাৰণেই প্রাগ্জ্যোতিষপুৰৰ নাম গুৱাহাটী হ'ল । মহা পূণ্যবাণ বিশাল ব্রহ্মপুত্র নদ এই নগৰৰ অন্তৰেদি বৈ যোৱাত গুৱাহাটীক অতি লাৱণ্যময়ী আৰু স্বাস্থ্যকৰ কৰি তুলিছে। এই নন্দন কাননৰ চমৎকাৰ মনোহাৰিণী দৃশ্যত তীৰ্থ-যাত্ৰী, ভ্ৰমণকাৰী আক্ৰমণকাৰী আদি সকলোৱে মুগ্ধ নগৈ থাকিব নোৱাৰে। প্ৰকৃতিয়ে অতি বদান্যতাৰে সজাই পৰাই অপৰিমিত সৌন্দৰ্য্য দান কৰিছে। ইয়াৰ প্ৰাকৃতিক দৃশ্যবোৰ ইমান সুন্দৰ যে পৃথিবীৰ কোনো ঠাইৰ প্ৰাকৃতিক দৃশ্যই তাক চেৰ পেলাব নোৱাৰে ।
প্রাগ্জ্যোতিষপুৰ এখন আপুৰুগীয়া দেৱপুৰী দেশ । দেৱ-দেৱীৰ মঠ-মন্দিৰেৰে ভৰপুৰ হৈ থকাৰ কাৰণে ইয়াক পূণ্যভূমিও বোলে । বিদেশী