সমললৈ যাওক

পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেশভক্ত তৰুণবান ফুকন ৭৫ ইব পাৰিলেহেতেন। কিন্তু যি কাৰণৰ বাবেই হওঁক, সেয়ে নহলগৈ, ই এক পৰিতাপৰ কথা। আমাৰ অসম দেশৰ তৰুণৰাম ফুকনে নিজৰ সুবুদ্ধি আৰু সুবিবেচনাৰ অনুশীলনৰ গুণত ভাৰতৰ অতি প্ৰসিদ্ধ নেতা সকলৰ দৰে খ্যাতি লাভ কৰিব পাৰিছিল আৰু সমাজত শীৰ্ষস্থান অধিকাৰ কৰি দেশৰ উপকাৰ সাধি গৈছে। সংসাৰত ছবিশ্বৰ মানুহ আছে। এবিধে নিজৰ দুখ বেজাৰৰ কথা মানৰ আগত তিলকে তাল কৰি কয়। দুখ-বেজাৰৰ কোনো কাৰণ নাথাকিলে মনেৰে পাতি লৈ হলেও দুথ কৰিবৰ সুযোগ উলিয়াব। বিধে মানুহৰ আগততো বেজাৰ কৰি নেদেখুৱায়েই, নিজৰ মনৰ ভিতৰতো দুখ বেজাৰক লাই নিদিয়ে। তেওঁলোকৰ মনেৰে দুখ বেজাৰ আনৰ আগত কোৱাটোতে৷ লাজৰ কথাই, নিজৰ মনতো তাক থলি পুতিবলৈ দিয়াতো নিতান্ত দুৰ্ব্বলতা। পুৰুষালিৰ ওপৰত তেনে কামে কাপুৰুষতাৰ ছাঁ পেলায়। এই বিধৰ মহৎ পুৰুষ আছিল তৰুণৰাম ফুকন। ফুকনে এদিন জন সাধাৰণৰ মাজত সুধিছিল যে, হাঁহিটো কি বস্তু হে? এই বিষয়ে কোনে কি উত্তৰ দিলে, তাৰ কোনো ঠিক নাই। তেখেতে সৰ্ব্ব সাধাৰণৰ মাজত এইদৰে কলে যে, হাঁহি আন একো নহয়, ই এটা বিকাশ আনন্দৰ বিকাশ। ঈশ্বৰ আনন্দ নয়, হাঁহিৰ মাজত তেওঁ প্ৰকাশ পাৰ। যদি জীৱনৰ সদব্যৱহাৰ কৰিব খোজা, হাঁহিব৷ আৰু হঁহুৱাবা। ফুকনে এনে নদবাৱহাৰ কৰিছিল যি তেওঁৰ গুৰিত পোন্ধৰ বিশ মিনিট বহি আহিছে অথচ ইহা নাই, সি নিশ্চয় জীৱনতে ইহা নাই। যি তেওঁক ইঁহাঁ দেখা নাই, সি সংসাৰত বহুত বস্তু দেখা নাই।' বহুতৰ ধাৰণা, নিতান্তই যদি হাঁহিব লগা হয়, নিঃশব্দে গোঁফ উন্নত হঁহাই ভদ্ৰলোকৰ কান। নহলে গাম্ভীৰ্য্যৰ হানি ঘটে, মৰ্যাদাৰ লা হয়। ঢেক ঢেককৈ হাঁহা যদি শুনিবলৈ অৱলা হয়, হাঃ হাঃ কৰি বদি হাঁহা, মুখৰ সৌন্দৰ্য্য নাথাকিব। গতিকে হৰ নাহাঁহিৰা, নহয় , ১১