90 দেশভক্ত তৰুণৰাম ফুকন তেওঁৰ আচৰণত কেতিয়াও অন্যাৰ অযুগুত বা নীচ ভাৱৰ স্থান নাছিল। বিপক্ষৰ লগত বিপক্ষতা আচৰণ কৰোতেও, তেওঁৰ কাৰ্য্য কলাপত সদায় মহত্বহে পৰিক্ষিত হৈছিল। তৰুণ ফুকন যেতিয়া বিলাতৰ পৰা দেশলৈ ঘুৰি আহে, সেইবাৰ অসমত শেষ বাৰ বঙ্গ ভাষা চলোৱাৰ আহো পুৰুষাৰ্থ, পূৰ্ব্ববঙ্গ আৰু অসমক এক প্ৰদেশ কৰাৰ চেষ্টা, সেই বঙ্গৰ অঙ্গচ্ছেদ আন্দোলন আদিৰ সময়ত অসমৰ কি অৱস্থা আছিল আৰু উক্ত আন্দোলনকাৰী বিলাকৰ কি প্ৰতিক্ৰিয়া অসমত দেখা দিছিল, কেনেকৈ কংগ্ৰেছৰ পতাকা প্ৰথমে অসমত উৰিল, এই বিলাক নিশ্চয় বৰ আমোদ জনক প্ৰশ্ন আৰু এই বিলাকৰ উত্তৰতেই উক্ত সময়ৰ অসমৰ বুৰঞ্জী উদঘাটিত হব আৰু লগে লগে তেওঁৰ জীৱনীৰ সকলো কথা ওলাই পৰিব। শিক্ষাত পাছপৰা, আত্ম বিশ্বাস হেৰোৱা, ৰাজনীতি ক্ষেত্ৰত পিছপৰা অসমক, কোনে কি পৰণ মনিৰে জগাই আজিৰ এই সুন্দৰ ৰূপে ৰাজনৈতিক চেতনা চঞ্চল একতাবদ্ধ, নৰা অসমত পৰিণত কৰিলে, কোন সেই ৰাষ্ট্ৰ নাৰক নেতা? হয়তো এই আটাই বিলাক সম্পূৰ্ণৰূপে কোনো এজন ব্যক্তি বিশেষৰ কাৰণে দাবী কৰিব নোৱাৰি। ভাত হয়তো পাচোতা আঙ্গুলিৰে খায়, ঘৰৰ চলি হয়তো টোকোনা খুটাই বহন কৰে। কিন্তু এটা বুঢ়া আঙ্গুলিয়ে হেচুকিব লাগে আৰু অন্যটো মুধৰ খুটাই ভাৰ কেন্দ্ৰ ঠিক ৰাখিব লাগে। অসমত হাবি-বন কাটা কাম হয়তো আগতেই কিছু হৈছিল আৰু হয়ভে৷ বহুতো নীৰৱ ফুকনে এন্ধাৰত থাকিয়েই বুকুৰ তেজেৰে মাতৃপূজা কৰিছিল, দেশৰ লিখিত বুৰঞ্জীত হয়তো সিবিলাকৰ নাম নাথাকিব। আকৌ হয়তো ভাৰতৰ ক্ৰম বৰ্দ্ধমান জাতীয় চেতনাই অসম এনেয়ো স্পৰ্শ কৰিলে হেতেন বহুতো পিছত তাৰ উদ্দীপ পতাকা উৰুৱাই, কিন্তু অসমত এজন ফুকনৰ অৱশ্যক হৈছিল। সেয়েই ফুকনে ইয়াত, এখন আসন গ্ৰহণ কৰে আৰু সে খনেই শ্ৰেষ্ঠ আসন।
পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/৮২
অৱয়ব