দেশভক্ত তৰুণৰাম ফুকন গঠিত হোৱা স্পেছিয়েল টি বিউনেল'ৰ সভ্য আছিল ফুকন। অসমৰ বাহিৰেও বঙ্গ দেশৰ ডাঙৰ ডাঙৰ মোকদ্দমাত আইনৰ জটিল সমতা বিচাৰকক সুন্দৰকৈ বুজাই দিবৰ কাৰণে নিযুক্ত হৈছিল, বেবিষ্টাৰ তৰুণ ফুকন। আমি অসমবাসীয়েও বুকু ডাঠ কৰি সকলো ক্ষেত্ৰতে আঙ্গুলিয়াই দিবলৈ, সগৌৰৱে আগবঢ়াই দিবলৈ পাইছিলো তৰুণৰাম ফুকনক। তেওঁ সততেই এইদৰে কৈছিল, “নিছল৷ অসম” “খুনি অসম” বুলি ইনাই বিনাই থকাটো আমাৰ জাতীয় দুৰ্ব্বলতা, হীন মনোবৃত্তিৰ চিন মাথোন। অতীৰ বিপুল কীৰ্ত্তি-কলাপেৰে ভৰপুৰ, অলেখ নিঃস্বাৰ্থ দেশ কৰ্ম্মীৰে পৰিপূৰ্ণ অসম কিয় নিচলা, দুখীয়া হব। তৰুণ অসমলৈ তৰুণ ফুকনৰ বাণী আছিল, উত্তিষ্ঠত জাগত প্ৰাপ্য বান্নিবোধত। আমি যদি তেওঁৰ পৱিত্ৰ স্মৃতিৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা দেখুৱাব খোজো, তেওঁৰ স্বদেশ প্ৰেম, স্বাৰ্থত্যাগ আৰু মহানুভতাৰ মহৎ আদৰ্শেৰে আমাৰ জীৱন গঢ়িব লাগিব। তেওঁৰ চিকাম্য পূৰ্ণ স্বৰাৰ অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ জাতীয় সংগ্ৰামলৈ আমাৰ শক্তি সামৰ্থ্যৰ বৰঙণি শোধাব লাগিব। স্বৰ্গৰ পৰা ফুকনৰ আত্মাই জন্ম ভূমিৰ সন্তান সকলৰ কাৰ্য্য কলাপ হেপাহেৰে নিৰীক্ষণ কৰি থাকিব, তেওঁৰ জীৱনৰ চানেকী আগত ৰাখি মাতৃ ভাষা আৰু মাতৃভূমিৰ নিঃস্বাৰ্থ আৰু একনিষ্ঠ সেৱ৷ ব্ৰতত ব্ৰতী হলেহে তেওঁৰ আত্মাই শান্তি লাভ কৰিব। সকলো দেশতে নেতা সকলৰ ভিতৰতো এক শ্ৰেণীৰ মানুহ পোৱা যায়, তেওঁ লোকে নিজৰ সৈতে মন নিমিলা মানুহক দেখিব নোৱাৰে। তেওঁ লোকে নিজৰ বিপক্ষ মতৰ মানুহৰ যুক্তি কান পাতি শুনা দূৰৰ কথা, তেনে মানুহক মানুহ বুলি গণ্য কৰিব নোখোজে। তৰুণৰামৰ স্বভাৱ কিন্তু বিপৰীত আছিল। তেওঁ বিপক্ষ জনক সন্মান কৰিছিল, আৰু বিপক্ষ জনক যুক্তি আৰু মত যথা যোগ্য ৰূপে বিবেচনা কৰি সদায় সুৰুচিৰ পৰিচয় দিছিল। তেওঁৰ এনে মহৎ স্বভাৱ আছিল যে, তেওঁৰে সৈতে কাজিয়া কৰিও মানুহে সুখ পাইছিল; কাৰণ কাজিয়া কৰিবলৈ হলেও
পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/৮১
অৱয়ব