সমললৈ যাওক

পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৵৹

সম্ভৱ কৰি, নানান তথ্য আৱিষ্কাৰ কৰি বিশ্ব বিয়াপি বৈজ্ঞানিক যুগৰ সুচনা কৰিছে । পৃথিবীৰ সভ্যতা সাগৰত বুৰ মাৰিলেও ভাৰতবৰ্ষৰ প্ৰাচীন সভ্যতা কেতিয়াও ডুব নাযায় ।

 চিৰপ্ৰসিদ্ধ ভাৰতভূমিৰ ভিতৰত অসম দেশ। অসম অতি পুৰণি ৰাজ্য। অতীজৰে পৰা আৰ্য্য হিন্দু সকলে এই দেশত বাস কৰিছে । মহাভাৰত, পুৰাণ আদি পুৰণি পুথিত এই দেশৰ নাম পোৱা যায়। বশিষ্ঠ আদি প্রসিদ্ধ ঋষিয়ে এই দেশত তপস্যা কৰিছিল ৷ অসম প্রাচীন দেৱ-দেৱীৰ মন্দিৰেৰে ভৰা । ইয়াত পৰশুৰাম কুণ্ড আদি তীর্থ আছে । এই দেশতে কৌণ্ডিল্য, শোণিতপুৰ, কামৰূপ, মণিপুৰ, হিড়িম্বপুৰ, জয়ন্তা আদি কৰি প্রাচীন ৰাজ্য আছিল। অসম পুৰণি ঐতিহাসিক মূল্যবান ঘটনাৰে পূৰ্ণ। এই দেশৰ বহুত ঠাইতে পুৰণি নগৰৰ চিন, দেৱালয়ৰ ভগ্নাৱশেষ শিলৰ মূৰ্ত্তি শিলৰ ঘৰ আৰু শিলৰ ওপৰত কটা আখৰ আছে। এই বিলাকৰ পৰা সুন্দৰকৈ জানিব পাৰি যে, অসম আগেয়ে এখন সভ্য আৰু উন্নত দেশ আছিল। বিশেষকৈ এই দেশত পূৰ্ব্বে সংস্কৃতৰ বৰ চৰ্চা হৈছিল। এই অসম দেশতে অগাধ পণ্ডিতৰ জন্ম হৈছিল । যোগিনী তন্ত্র, ৰত্নমালা, ব্যাকৰণ আদি ভালেমান ভাল সংস্কৃত পুথি অসমীয়া পণ্ডিতে লিখিছিল। সাহিত্য ক্ষেত্ৰত শঙ্কৰদেৱ, মাধৱদেৱ, পুৰুষোত্তম ঠাকুৰ, অনন্ত কন্দলি, ৰাজনৈতিক ক্ষেত্ৰত নৰকাসুৰ, ভগদত্ত, লাচিতৰ নিচিনা মহাপুৰুষ সকল এতিয়া নোপজে। অৱশ্য অকল পুৰণি বস্তুৰেই অসমীয়াই সভ্যতা, স্বাধীনতা আৰু উন্নতিৰ খটখটিত আগ বাঢ়িব নোৱাৰে। আমাৰ পুৰণি সভ্যতা, পুৰণি ভাষা, পুৰণি স্বাধীনতা, পুৰণি ভাব বিলাক এই কালৰ নিমিত্তে সম্পূর্ণ নহয় । আমাক ইংৰাজী সভ্যতা, ইংৰাজী ভাষা, ইংৰাজী ভাৱ আৰু ইংৰাজী ৰাজনৈতিকো লাগে। দুইৰো সাৰ অংশ বাচি লব পাৰিলেই আমাৰ উন্নতি সম্পূর্ণাঙ্গ হব । ন পুৰণি দুয়োকো মিহলাব লাগে, দুইৰো সামঞ্জস্য হব লাগে ৷ নহলে আমাৰ জাতীয় জীৱনৰ