সমললৈ যাওক

পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেশভক্ত তৰুণৰাম ফুকন কৰা মানুহ সকলৰ মাজত অসহিষ্ণু ভাৱৰ প্ৰাচুৰ্য্য প্ৰায় দেখা যায়, অৱশ্যে তাৰ প্ৰকাশৰ প্ৰণালী বহুত সময়ত কঢ় নোহোৱাৰ বাবে সাধাৰণৰ চকুত নালাগিব পাৰে। কিন্তু ফুকন দেৱ অসাধাৰণ তৰ্কিক হোৱা স্বত্ত্বেও নিজৰ জিভাৰ ওপৰতে নহয়, মনৰ ওপৰতো অসাধাৰণ সংযম দেখুৱাইছিল আৰু ডাকল বুদ্ধিৰ কছতেৰে বিপক্ষক জয় নকৰি হৃদয়ৰ প্ৰশস্ত তাৰ মাজত তেওঁক লীন নিয়াবলৈ যত্ন কৰিছিল। সেয়ে ফুকন দেৱৰ এটা বিশেষত্ব আমৰণ থাকি গ'ল যে, তেখেতৰ কোনো শত্ৰু কোনো কালে নোলাল। . বিশেষকৈ ৰাজনৈতিক দলৰ অৱশ্যে সামাজিক আৰু সাম্প্ৰদায়িক দল সততোধিক মাগত ক্ষমতাৰ বাবে হেতা ওপৰ৷ দলা দলি অতি স্বাভাৱিক দৃশ্য, কিন্তু ফুকনদেৱে প্ৰভাৱশালী প্ৰাদেশিক ৰাজনৈতিক দলটোৰ ঘটনা ক্ৰমে অপ্ৰিয় হৈ উঠাৰ পাচতে৷ তেখেতে নিজে কোনো দল সৃষ্টিৰ অপচেষ্টা নকৰিলে। এইটো অকল তেখেতৰ বিশেষত্ব। ফুকন এনে সমদৰ্শী, এনে সুবিশাল অন্তঃকৰণৰ ইমান খিনি যোগাতা আৰু অপৰ্থিবৰ ক্ষমতাৰ আধাৰ এনে এজন পুৰুষৰ অন্তৰ্দ্ধানত সমগ্ৰদেশ ম্ৰিয়মান হোৱা অতি স্বাভাৱিক। দেশ কালৰ অতীত সীনাহীন ভবিষ্যতৰ অন্তৰালৰ পৰা তেখেতৰ আশীৰ্ব্বাদৰ বাবে দেশবাসী চিৰদিন উন্মুখ হৈ ৰব। ত্যাগৰ আদৰ্শত তৰুণৰাম ফুকন আছিল এজন সৰ্ব্ব গুণী সৌন্দৰ্যশালী সৰ্ব্ব সাধাৰণক মোহিব পৰা ৰূপ গুণৰ অভাৱ তেখেতৰ নাছিল। পুৰুষ। বিশেষকৈ ন যুৱতী, ডেকা-গাভৰু, আৰু লাবন্যময়ী ৰমণীক প্ৰেম হৃদয়ত আঘাত দিব পৰা যথেষ্ঠ গুণ ফুকনৰ গাত আছিল। বহুতো সৌন্দৰ্য্যময়ী যুৱতীয়ে তেখেতক স্বামী স্বৰূপে পাবলৈ যথাসাধ্য চেষ্টা কৰিও হৃদয় জৰ্জৰিত কৰি দাম্পত্য প্ৰেমৰ পৰ৷ হতাশ হৈ বঞ্চিত হৈছিল। অনেক অসমীয়াই বিদেশত উচ্চ শিক্ষা অৰ্জন কৰিবলৈ গৈ অসমীয়া ছোৱালীক