সমললৈ যাওক

পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬২ দেশভক্ত তৰুণৰাম ফুকন বিলাসৰ সকলোটি সামগ্রী, বহুমলীয়া বিদেশী সাজ-পাৰ প্রভৃতিত অতি অকুণ্ঠিত ভাবে অগ্নি সংযোগ কৰি এটি তৃপ্তিৰ হাঁহি নৰা নাছিল নে ? কাৰাবৰণ স্বৰূপ এই লৌহ নিগড় পৰিধানে তেখেতৰ শৰীৰৰ বাঙ্গিক সৌন্দর্য কিছু পৰিমাণে বিনষ্ট কৰিলেও অন্তৰৰ সৌন্দৰ্য আৰু পৰিস্ফুট কৰি তুলিলে । সেই সুযোগতে তেখেতে অনেক ধৰ্ম্ম গ্রন্থ পাঠ কৰি আধ্যাত্মি পৰি-পুষ্টি সাধন কৰিলে আৰু সেয়ে কারামুক্তিৰ পিছত তেখেত লিখাত নক্ত তাত, আলাপত ধাৰ্ম্মিকতাৰ ছাপ, হিন্দু-মুছলমান আৰু খৃষ্টান ধৰ্ম্ম গ্ৰন্থৰ সুমধুৰ বাণী প্ৰকাশ কৰিবলৈ ধৰিলে । তেখেতৰ সাহিত্যি সংযোজন প্রশ্নালী যেনে সুমধুৰ, ভাষা তেনে ভাৱ গধুৰ আৰু হৃদ গ্রাহী আৰু সকলোতে প্রভাৱ পৰিছিল তেখেতৰ আছুটিয়াকৈ ৰখ যেই নিভৃত আত্মাৰ। তেখেতৰ অগাধ বিদ্যা, অশেষ জ্ঞান, সুগভীর চিন্তা এই সকলোকে ঢাকি ৰাখিছিল এটা সুমিষ্ট হাঁহি আৰু প্ৰীতিভৰ কথাৰে। আন্তরিক বিপুলতা কোনো দিন ভাষাৰে প্ৰকাশ কৰা তেখেতৰ অভ্যাস নাছিল । এয়ে আছিল আনন্দময় আৰু যোগী ফুকনৰ প্ৰধান লক্ষ । N শ্রদ্ধাস্পদ বন্ধু, সুলিখক মিঃ ৰেজাক চাহাবে অসম টি বিউন'ত বোলা প্ৰৱন্ধত ফুকন দেৱৰ আন্তৰিক অনুপম মহত্ব আৰু প্ৰসাৰতাৰ বিষয় এই দৰে ঘোষণ৷ কৰিছে যে, ফুকন দেৱৰ ভাৰত ব্যৱস্থাপক সভাৰ কাৰ্য্য- কলাপ উদ্দেশ্য কৰি কৈছে যে, ফুকন দেৱৰ ধাৰণাত সেই আইন সভা আৰু সেয়ে তাৰ বাগবিতণ্ডা, বাগাড়ম্বৰত তেখেতে বিশেষ যোগ নিদি ভিতকরা আলোচনা, পার্টি-মিটিং আদিত অন্তৰঙ্গিতাৰে সৈতে যোগ দিছিল আৰু তেখেতৰ মতামত তাত সদার ন্যায় সঙ্গত ভাৱে অতি মূল্যৱান বুলি বিবেচিত হৈছিল। নাম বাহিৰ কৰা অভিপ্রায়েৰে নিজৰ কামৰ বা আজি-কালিৰ দিনত বাতায়াতৰ বিজ্ঞাপন দিয়া তেখেতৰ কস্মিন কালেও অভ্যাস নাছিল । তেখেতে বিশ্বাস কৰিছিল যে, কোনো কামৰ প্ৰকৃত মূল্য থাকিলে, তাৰ আদৰ হবই, অথবা কোনো ব্যক্তিৰ যোগ্যতা থাকিলে