সমললৈ যাওক

পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেশভক্ত তৰুণৰাম ফুকন বক্তৃতা দিবলৈ আৰম্ভ কৰাৰ আগতে. এটা কোৰাণৰ আৰু এটা গীতাৰ শ্লোক নমতাকৈ তেখেতে বক্তৃতা আৰম্ভ নকৰিছিল। ইয়াৰ দ্বাৰা তেখেতে নিশ্চয় হিন্দু-মুছলমানৰ ঐকালৈ লক্ষ্য ৰাখিছিল! এইটো সিদ্ধ কথা যে তেওঁ হিন্দু-মুছলনান খৃষ্টান সকলো সম্প্ৰদায়ৰে সমানে শ্ৰদ্ধাৰ পাত্ৰ আৰু অবিসম্বাদী নেতা আছিল। প্ৰসিদ্ধ বক্তা ফুকনৰ বক্তৃতা শুনিবলৈ দেশৰ সকলো সম্প্ৰদায়ৰে হাজাৰ হাজাৰ নৰ-নাৰী সভা সমিতিলৈ আহিবলৈ ধৰিলে। ইংৰাজী ১৯২১ চনৰ অসহযোগ আন্দোলনৰ সময়ত ত আন পাৰি- পাৰ্শ্বিকত৷ সিমান অনুকুল নথকাতে৷ অসমীয়াৰ ভাষাহীন ভাৱক সুৱলা বক্ত তাৰেই তৰুণৰামে অসমত অসহযোগ আন্দোলনক এটা বিপুল আন্দোলনত পৰিণত কৰি তুলিছিল। এই প্ৰসিদ্ধ নেতাৰে অভয় বাণীত দেশৰ ডেক৷ সকলে মাতৃ-যজ্ঞত আহুতি দিবলৈ ওলাই আহিল। স্কুল-কলেজত ধৰ্ম্ম-ঘট কৰি ছাত্ৰ বিলাক অসমৰ মুকুট বিহীন সম্ৰাট ফুকনৰ পতাকাৰ তলত থিয় দিলে। তেওঁক বাহিৰত ৰখা আৰু গবৰ্ণমেণ্টৰ নোহোৱা হ'ল! গতিকে ফুকনক বন্দী কৰা হল। ইয়াৰ পিছত জেললৈ যোৱাতো আৰু ভয় লগা কথা নোহোৱা হল। উকীল, ভলান্টিয়াৰ স্কুল-কলেজত পিকেটিং কৰি জেললৈ তথা স্বাজ আশ্ৰমলৈ অসমৰ মুকুট বিহীন, ৰজাৰ ওচৰলৈ যাবলৈ ধৰিলে। গন শোভা • যাত্ৰাত প্ৰথম বাৰৰ নিমিত্তে অসমীয়া জন সাধাৰণেও যোগ দিলে। গাৱৰ ডেকা সকলে “বন্দে মাতন” আল্লাহো আকবৰ বাণীৰে আকাশ পাতাল কপাই তুলি জাতীয় যুদ্ধলৈ জনসাধাৰণক জগাই ফুৰা মধুৰ স্মৃতি এতিয়াও মাৰ যোৱা নাই। পক্ষে নিৰাপদ শশ অসমত ডেকা ছাত্ৰ আনকি গাৱলীয়া ছোৱালীয়ে গীত গাইছিল সেই তৰুণ ফুকন-নবীন বৰদলৈ দেশে দেশে মিটিং কৰে ইত্যাদি সময়ত তৰুণ-নবীনৰ জনপ্ৰিয়ত৷ বহুতে৷ ভাৰতীয় প্ৰাদেশিক নেতাৰ ঈৰ্ষাৰ বস্তু আছিল।