দেশভক্ত তৰুণৰাম ফুকন সাল সলনি হোৱা হলে তেখেতে বিনা দৰ্শহাতে প্ৰধান মন্ত্ৰীৰ বাব লবলৈ সাজু আছিল। এনেতে ডেকা অসমৰ সম্পাদক শ্ৰীযুত অম্বিকাগিৰি ৰায় কৈ উঠিল যে তেতিয়া কেনেকৈ ফুকন আৰু ৰায় চৌধুৰীৰ মাজত ফুকনে কৈ উঠিল তহঁতে এতিয়াও চৌধুৰীয়ে অতি স্বাভাৱিক ভাৱেই চলালে হয়? ভেটি খালে হয়? অগাধ প্ৰীতি আৰু শ্ৰদ্ধাৰ সম্বন্ধ। মোক নিচিনিলি নে? তহঁতে দেখ যে, মই টকা খৰচ কৰোঁ আৰু ভাৱ যে, টক৷ নহলে মই চলিব নোৱাৰোঁ। মোৰ লগত ফেৰ মাৰি তহঁত চল চোন? তহঁতক টকা দিলেও খৰচ কৰিব নোৱাৰ আৰু নহলেও নাই নাই কৰ। মোৰ টকা থাকিলেও খৰা হয় আৰু নহলেও চলে। কিছুমান উদাহৰণ দিয়াৰ লগতে কলে অসহযোগ আন্দোলনৰ আগতে মই কেনেকৈ চলিছিলো জান, কিন্তু ডেৰ বছৰ জেলত সোমাই থাকি তাৰ পিছত ওলাই আহিও প্ৰেক্টিছ নকৰাকৈ কিমান দিন কটাইছো। তেতিয়া মোৰ নিজৰ আৰু ঘৰৰ খৰচ কেনেকৈ চলাইছিলো ভাৱচোন। কংগ্ৰেছ আনিলো, ধাৰ লগালো, মহাজনৰ খেচখেচনি তাৰ ওপৰত ছোৱালীৰ, ঘৈণীৰ অতি ব্যয় সাপেক্ষ চিকিৎসা এইবোৰ কেনেকৈ চলালো৷ কচোন? তহঁতে দেখ মোক টকা খৰচ কৰা, কিন্তু মোৰে আৰু টকাৰে সম্বন্ধ বৰ গাঢ় নহয়। তহঁতৰ এই সম্বন্ধ বৰ গাঢ় বুলিয়ে আনে খৰচ কৰিলেও টান পাৱ আৰু নহলেও নাই নাই কৰ। অৱশ্যে এই উত্তৰৰ পিছত ৰায় চৌধুৰীৰ জৱাব ছুটি হ'ল। এইটো অৱশ্যে এটা আপেক্ষিক চিত্ৰ। বিচাৰ কৰিলে তেখেতৰ জীৱনৰ এনে ঘটনা বহুত উলিয়াব পাৰি। অসহযোগ আন্দোলনত বহুতে যোগ দিছিল আৰু জিলিকা পদাৰ্থ মাত্ৰেই যে সোণ নহয়, তাকো বহুতৰ বিষয়তে উপলব্ধি কৰা গৈছে। যদি ফুকন ডাঙৰীয়াই অসমৰ প্ৰধান মন্ত্ৰীৰ আসন পালে হেতেন তেন্তে আজি অসমত ইমান বিলাক বেমেজালি b
পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/৬৩
অৱয়ব