সমললৈ যাওক

পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬
দেশভক্ত তৰুণৰাম ফুকন

অসম কংগ্ৰেছ কোৱালিশন মন্ত্ৰীসভা গঠনত

 ১৯৩৮ চনত অসম গবৰ্ণৰৰ আইন ব্যৱস্থাপক সভাৰ সদস্য বিলাকৰ মাজত এক মহান তুমুল সংগ্ৰামৰ আদৰ্শ লৈ অসমবাসীৰ মাজত বিদ্ৰোহৰ সৃষ্টিৰ আবিৰ্ভাব হৈ উঠে। অসম এচেমব্লিৰ ১০৮ জন সদস্যৰ ভিতৰত ৩৩ জন মাত্ৰ কংগ্ৰেছ সদস্য। কংগ্ৰেছ সদস্য সকলৰ ভিতৰত শ্ৰীযুত গোপীনাথ বৰদলৈয়ে কংগ্ৰেছ দলপতি। এই চনৰ কোনে৷ এক শুভক্ষণত তৰুণৰাম ফুকনে আকৌ অসম কংগ্ৰেছ অনুষ্ঠানত যোগ দিয়ে আৰু তেতিয়াই অসম কংগ্ৰেছ শক্তিৰ গৌৰৱ পুনৰাই প্ৰজলিত হৈ উঠে।

 ভাৰতীয় কংগ্ৰেছ মহা সভাৰ ৰাষ্ট্ৰপতি শ্ৰীযুত সুভাষচন্দ্ৰ বসুয়ে অসমত কংগ্ৰেছ কোৱালিশন মন্ত্ৰীসভাৰ আৱশ্যক ভাবি কংগ্ৰেছ সন্মিলিত মন্ত্ৰী সভা গঠন কৰিবলৈ শ্ৰীযুত গোপীনাথ বৰদলৈক যুক্তি-যুক্ত পৰামৰ্শ দিলে। ৰাষ্ট্ৰপতিৰ আদেশ মতে বৰদলৈয়ে সন্মিলিত মন্ত্ৰী সভা গঠন কৰিবলৈ অসন্তৱ ভাবিছিল, কাৰণ ব্যৱস্থাপক সভাৰ ১০৮ জন সদস্যৰ ভিতৰত মাত্ৰ ৩৩ জন কংগ্ৰেছ সদস্য। অন্ততঃ কংগ্ৰেছৰ বাহিৰা ২২ জন সভ্যক কংগ্ৰেছ মন্ত্ৰী সভাৰ পক্ষপাতি কৰিলেহে কংগ্ৰেছ কোৱালিশন মন্ত্ৰী সভা গঠন কৰিবলৈ পৰা যায় এনেকুৱা কঠিন সমস্যাত অসীম সাহসী তৰুণ ফুকনে শ্ৰীযুত গোপীনাথ বৰদলৈ কংগ্ৰেছ দলপতিকে এই দৰে কৈছিল, “অসম্ভৱ শব্দটো মূৰ্খৰ অভিধানত হে পোৱা য়ায়,” নেপোলীয়নৰ এই বহুমূলীয়া কথা ফাকিত ফুকনৰ দৃঢ় বিশ্বাস আছিল। অন্তৰত অদম্য শক্তি লৈ ফুকনে বৰদলৈৰ প্ৰধান সেনা নায়ক হৈ অসমত কংগ্ৰেছ কোৱালিশন মন্ত্ৰী সভা গঠন কৰি দিলে আৰু এই অসন্তৱ সম্পাদন কাৰ্য্যত অসমৰ প্ৰধান মন্ত্ৰী ভূতপূৰ্ব্ব শ্ৰীযুত গোপীনাথ বৰদলৈ সদায় ফুকনৰ ওচৰত চিৰ ঋণী।