মহাত্মা গান্ধিৰ শুভ-আশীৰ্ব্বাদত
ইংৰাজী ১৯৩৮ চনত অসম এচেমব্লিৰ কংগ্ৰেছ দলপতি, ভূতপূৰ্ব্ব প্ৰধান মন্ত্ৰী শ্ৰীযুত গোপীনাথ বৰদলৈ ৱাৰ্দ্ধালৈ গৈ মহাত্মাক দেখা-সাক্ষাৎ কৰোতে মহাত্মাজীয়ে তৰুণৰাম ফুকনৰ খবৰ কি বুলি সোধাত প্ৰধান মন্ত্ৰীয়ে এইদৰে উত্তৰ দিছিল যে, “দুখৰ বিষয় ফুকন এতিয়া কংগ্ৰেছৰ পৰা আতৰি আছে”। দূৰদৰ্শী মহাত্মাজীয়ে তেখেতৰ স্বভাৱ সুলভ হাঁহি এটিৰে ঘপৰাই মাত লগালে “ফুকন আকৌ কংগ্ৰেছলৈ আহিবই আহিব।” মহাত্মাৰ এই ভবিষ্যদ্বাণী আখৰে আখৰে ফলি যাবলৈ সৰহ দিন নালাগিল। ফুকনৰ অন্তৰৰ গভীৰতম প্ৰদেশত জ্বলি থক৷ স্বদেশ প্ৰেমে তেখেতক পুনৰ কংগ্ৰেছৰ বিশাল কৰ্ম্মক্ষেত্ৰলৈ আকৃষ্ট কৰি আনিলে। দেশ জুৰি আনন্দৰ ৰোল উঠিল। ফুকন আকৌ কংগ্ৰেছত। মন্ত্ৰী পদ লাভ নাইবা আন কোনে৷ ক্ষুদ্ৰ স্বাৰ্থৰ প্ৰৰোচনাত ফুকন কংগ্ৰেছলৈ ঘূৰি অহা নাছিল। ফুকনে ইচ্ছা কৰা হলে সহজে কংগ্ৰেছ যুক্ত মন্ত্ৰীসভাৰ প্ৰধান মন্ত্ৰীৰ গাদীত বহিব পাৰিলে হেতেন, কিয়নো সেই পদৰ কাৰণে তেখেতৰ যোগ্যতা কোনোৱে অস্বীকাৰ কৰিব নোৱাৰিলে হেতেন। অসমত কংগ্ৰেছ যুক্ত মন্ত্ৰীসভা গঠনত ফুকনে যথোচিত সহায় কৰাৰ উপৰিও, কংগ্ৰেছ বিৰোধী সকলে উক্ত মন্ত্ৰীসভাৰ ওপৰত অনাস্থাৰ প্ৰস্তাৱ দি সভা ভাঙিবলৈ বিৰাট অভিযান চলাই দেশত এটা গুৰুতৰ সমস্যা উপস্থিত কৰোতে ফুকনৰ সমস্ত শক্তি সামৰ্থ্য, প্ৰভাৱ প্ৰতিপত্তি আৰু বুদ্ধি কৌশল প্ৰয়োগ কৰি মন্ত্ৰী সভা ভাঙিবলৈ পাঙোতা সকলৰ শতেক অভি সন্ধি, বিপুল প্ৰয়াগ হেলাৰঙে ব্যৰ্থ কৰিলে। মাৰ যোৱাৰ আগতে সূৰ্য্যই যেনেকৈ বিৰাট সুন্দৰ ৰক্তিম ৰূপ ধাৰণ কৰে, অসম আকাশৰ এই তৰুণ অৰুণে ইহলীলা সামৰাৰ আগতে মোহন আৰু মহান ৰূপ ধৰি অস্তাচলত অস্তিমিত হ'ল।