সমললৈ যাওক

পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪
দেশভক্ত তৰুণৰাম ফুকন

ভাৰতীয় ব্যৱহাপক পৰিষদলৈ দুবাৰকৈ অসমৰ পৰা প্ৰতিনিধি নিৰ্ব্বাচিত হৈ গৈছিল যদিও, উক্ত পৰিষদৰ ফুকনৰ প্ৰভাৱ কিন্তু স্পষ্টকৈ জিলিকি নুঠিল তাৰ কাৰণ বিচাৰি উলিওৱা টান। যুক্ত প্ৰদেশৰ এখন বাতৰি কাকতৰ সম্পাদকীয় স্তম্ভত তাহানি খন ফুকনৰ নানান গুণ-গৰিমা বখানি ও তেখেতৰ সম্পৰ্কে এই বুলি মন্তব্য প্ৰকাশ কৰিছিল যে তেখেত পৰিষদত লাজকুৰীয়া ৰাজনীতিজ্ঞ আছিল। আন সকলো ক্ষেত্ৰতে ইমান জাকত- জিলিকা আগৰণুৱা আৰু লব্ধপ্ৰতিষ্ঠ হৈয়ো ব্যৱস্থা পৰিষদৰ ক্ষেত্ৰত ফুকনে নিজ প্ৰতিভাৰ চিনাকি দিব নোৱাৰাটো প্ৰকৃততে এটি নিগূঢ় ৰহস্য। দোষ গুণেই মানুহ। চন্দ্ৰ-সূৰ্য্যয়ো দুষ্ট ৰাহুৰ গৰাহৰ পৰা হাত সাৰিব নোৱাৰে। ফুকন ডাঙৰীয়াৰ প্ৰতিভাৰ প্ৰভাৱকো হয়তো অৱসাদ নাইবা এলাহৰূপী ৰাহুৱে সময়ে সময়ে ছাঁত পেলাইছিল। কিন্তু ৰাহুৰ গ্ৰাসৰ পৰা মুক্ত হৈয়ে সেই প্ৰভাৱ পুনৰ চন্দ্ৰ সুৰ্য্যৰ দৰে জিলিকি উঠে।

 ইংৰাজী ১৯৩৭ চনৰ ৭ জুলাই তাৰিখে ৱাৰ্দ্ধাত মন্ত্ৰীত্ব গ্ৰহণৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে, তেতিয়া কংগ্ৰেছে, ফুকনৰ উৎফুল্ল ভাষাত কবলৈ গলে তেখেতৰ মতলৈ ঘুৰি আহিল। আগতে ফুকন ডাঙৰীয়াৰ ওপৰত ১৯৩৮ চনৰ অক্টোবৰলৈকে৷ দুই বছৰৰ বাবে শাস্তিমূলক ব্যৱস্থা লোৱা হৈছিল। ১৯৩৮ চনত যেতিয়া ফুকনক পুনঃ কংগ্ৰেছত ভৰ্ত্তি কৰি লোৱা হয়, তেতিয়া কংগ্ৰেছে শক্তি বঢ়াবলৈ বাধ্য হৈহে তেনে কৰিছিল। অসম কংগ্ৰেছ যুক্ত মন্ত্ৰী সভা প্ৰতিষ্ঠাত ফুকনে কম সহায় কৰা নাছিল। ফুকনৰ বাবে ভাৰতীয় কংগ্ৰেছ মহাসভাৰ সভাপতিৰ আসন ৰৈ আছিল, কিন্তু তেখেতে গ্ৰহণ কৰিব নোৱাৰিলে, বুলি যিবিলাকে কয়, তেওঁলোকৰ উক্তি কেৱল বীৰ পূজায়েই নহয়। ইয়াত তেখেতৰ মন প্ৰাণৰ অসংখ্য বৰেন্য গুণকেই স্বীকাৰ কৰা হয়।