পৰ৷ নবীনচন্দ্ৰ বৰদলৈ প্ৰাৰ্থী হ'ল। এই ক্ষেত্ৰত বৰদলৈয়ে বিপুল ভোটাধিক্যত নিৰ্ব্বাচিত হ'ল। এইটোকে ফুকনৰ প্ৰথম পৰাজয় বোলা যায় যদিও, যেতিয়৷ ১৯৩০ চনত আইন অমান্য আন্দোলনৰ মৰা ফুকন নিলগত থাকে, তেতিয়া তেওঁৰ প্ৰকৃত পৰাজয় আৰম্ভ হৈছিল। অসহযোগ আন্দোলনত ছাত্ৰসকলৰ নেতা ফুকনে যোগ নিদিলে যদিও, পাছ পৰি নাথাকিল। কংগ্ৰেছ তেতিয়া ব্যক্তিতকৈ ডাঙৰ হৈ উঠিছিল। ফুকনৰ অভাৱতো ছাত্ৰসকলে, বিশেষকৈ “অসম ছাত্ৰ সন্মিলনে” আইন অমান্য আন্দোলনত যোগ দিয়াটো উক্ত সন্মিলনৰ বুৰঞ্জীৰ গৌৰৱময় অধ্যায়। ছাত্ৰ সন্মিলনৰ বহুতে, উগ্ৰপন্থী নেত৷ আজিও প্ৰতিক্ৰিয়াশীল।
ইংৰাজী ১৯২৮ চনত পণ্ডিত মতিলাল নেহৰু ৰিপোৰ্টৰ কাৰ্য্য পদ্ধতিত অসমৰ দেশনেতা তৰুণৰামে বিশেষ ভাবে সহায় কৰে। এই বিষয়ত পণ্ডিত নেহৰুৱে ফুকনৰ কাৰ্য্যদক্ষতাৰ সুনিপুণত৷ ভালকৈ স্বীকাৰ কৰে। এই সম্পৰ্কত ফুকনে পণ্ডিত নেহৰুৰ লগত ভাৰতৰ নান৷ ঠাই পৰিভ্ৰমণ কৰি অসমী আইৰ মুখ উজলাই নিজেও সুখ্যাতি অৰ্জ্জন কৰিছিল।
ইংৰাজী ১৯৩৫ চনৰ গবৰ্ণমেণ্ট ইণ্ডিয়া এই অনুসাৰে বিহাৰ-উৰিষ্যা প্ৰদেশ দুখন সুকীয়া প্ৰদেশত বিভক্ত হয়। কুৰি শতিকাৰ অসম বুৰঞ্জীৰ যি কেন্দ্ৰ পুৰুষ তৰুণৰাম তাক সকলোৱে স্বীকাৰ কৰে। নতুন প্ৰদেশ উৰিষ্যাৰ সীমা নিৰ্দ্ধাৰণ কাৰ্য্যত বৃটিছ গবৰ্ণমেণ্টে অসমৰ সুযোগ্য তৰুণ ৰাম ফুকনকে গুৰুভাৰ অৰ্পণ কৰে। এই গুৰুতৰ কাৰ্য্যতো তেখেতে গবৰ্ণমেণ্টৰ পৰা যথেষ্ট সন্মান পায় আৰু লগে লগে অসম মাতৃৰে৷ মান গৌৰৱ জিলিকি অসমৰ চাৰিবেৰ ভেদ কৰি ভাৰতলৈ পৰামৰ্শ দি পঠাব পৰা উৰিষ্যাৰ সীমা নিৰ্দ্ধাৰণত মত দিয়া এজন সুবিজ্ঞ সুবিবেচক লৰ্ড অসমীয়াই তৈয়াৰ কৰিলে, তাক দেশৰ শাসকে স্বীকাৰ ও কৰিছে। দেশৰ জনহিতকৰৰ শাসন কাৰ্য্য চলোৱ৷ সম্পৰ্কে ফুকনৰ কোনে৷ ক্ষমতা গুণৰ অভাৱ সমূলি নাছিল। উঠে।