চিত্তৰঞ্জন দাস, স্বামী শ্ৰদ্ধানন্দ, লাল৷ ৰাজপাত ৰায় আদিৰ লগত বহুতো স্বাধীনগামী লোকে নিজৰ জীৱন অকাতৰে বিসৰ্জ্জন দি দেশত মহান চানেকীৰ আদৰ্শ দেখুৱাই থৈ গ'ল। অসম জাতীয় প্ৰসিদ্ধ নেতা তৰুণ, নবীন দুই মহাবীৰে প্ৰদেশৰ প্ৰধান নেতৃত্ব গ্ৰহণত স্বদেশ প্ৰেমত নিজক বলি দি আদৰ্শ দান কৰি থৈ গ'ল। ইংৰাজী ১৯৩৫ চনৰ দ্বিতীয় খন গৱৰ্ণমেণ্ট অব ইণ্ডিয়া এই সৃষ্টি হোৱাৰ পাছত গৱৰ্ণৰে শাসীত প্ৰদেশত মহাত্মাজীৰ আদেশত প্ৰাদেশিক ব্যৱস্থাপক সভাত সংখ্যা গৰিষ্ঠ দলৰ কংগ্ৰেছৰ সদস্যই প্ৰদেশৰ দায়িত্ব শাসন কাৰ্য্য ভাৰ গ্ৰহণত জন সাধাৰণৰ কল্যাণ সাধনাত যোগ্যতাৰ পৰিচয় দিছে। ইংৰাজী ১৯৩৯ চনৰ চেপ্তেম্বৰ মাহৰ আদিত উপনিবেশ অধিকাৰৰ ন্যায্য দাবীত আৰু স্বাধীনতা ৰক্ষাত পৃথিবী গৰ্জ্জাই যি বৈজ্ঞানিক যুদ্ধ আবিৰ্ভাবৰ সৃষ্টিত ভাৰতৰ সুবিজ্ঞ পণ্ডিত ধৰ্ম্ম বৈজ্ঞানিক মহাত্মাজীয়ে পূৰ্ণ স্বাধীনতাৰ দাবীত, বৃটিছ গবৰ্ণমেণ্টৰ অসন্তোষ প্ৰকাশত, মহাত্মাজীৰ সিদ্ধ মন্ত্ৰত, ভাৰত জাতীয় কংগ্ৰেছ মহাসভাৰ হাই কমাণ্ডাৰৰ আদেশত কংগ্ৰেছী প্ৰাদেশিক গবৰ্ণমেণ্ট বিলাক প্ৰত্যেকে বৃটিছ গবৰ্ণমেণ্টক সন্মানজনক ধন্যবাদ জ্ঞাপনত, বিনা ওজৰে প্ৰদেশৰ দায়িত্ব শাসন কাৰ্য্যৰ ভাৰ অৰ্পণত ভাৰতৰ মুক্তিৰ সংগ্ৰামত জীৱন আহুতি দিবলৈ প্ৰস্তুত। এই বিষয়ত বিশেষকৈ দেশহিতৈষী পণ্ডিত জৱাহৰলাল নেহৰু, ডাক্তৰ ৰাজেন্দ্ৰ প্ৰসাদ, সুভাষচন্দ্ৰ বসু আদি অসীম প্ৰতাপী নেতাই স্বাধীনতাৰ সংগ্ৰাম ক্ষেত্ৰত প্ৰধান প্ৰধান সৈনিকৰ আসন গ্ৰহণত, দেশত এক মহান ধুমুহা বতাহৰ প্ৰৱল সোত ব'বই ধৰিছে। এই সন্ধিক্ষণত স্বদেশ প্ৰেমিক তৰুণ-নবীন জাতীয় প্ৰসিদ্ধ সৈনিকৰ অভাৱত অসমত স্বাধীনতাৰ সংগ্ৰাম যুদ্ধত যোগ দিবলৈ বিশেষকৈ কঠিন হৈ পৰিছে। আজি অসমত তৰুণ- নবীনৰ আসন শুদা অদূৰ ভবিষ্যতত যে তৰুণ-নবীনৰ এই মহান আসন আকৌ অধিকাৰ কৰিব তাৰ আশা অতি কম। সোৰোপ৷ অসমীয়াৰ
পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/৫২
অৱয়ব