সমললৈ যাওক

পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯
দেশভক্ত তৰুণৰাম ফুকন

মৃগয়া-মোহ সকলোকে অকাতৰে বিসৰ্জ্জন দি ফুকন কাচি পাৰি বীৰ বেশে আগ বাঢ়ি ভাৰতৰ মুক্তি যুদ্ধত জাপ দিলে। কৰ্ম্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু দেশ প্ৰাণ কৰ্ম্মবীৰ চন্দ্ৰ নাথ শৰ্ম্মা আদি জাতীয় যোদ্ধাৰ সহযোগত অসমৰ ইমুৰৰ পৰা সিমূৰলৈকে গভীৰ পাঞ্চ জন্য নিনাদে খলক লগাই দিলে। সুষুপ্ত অসমবাসী নবীন সঞ্জীৱণী মন্ত্ৰেৰে দীক্ষিত হৈ নৱ পেৰণাৰে অনুপ্ৰাণিত হ'ল। হাজাৰ হাজাৰ মুনিহ মহিলাই হাঁহি মুখেৰে শত দুখ-দৈন্য কঠোৰ নিৰ্য্যাতন বৰণ কৰিবলৈ সাজু হ'ল। বিভূতি বৈভৱ ভোগ-বিলাস, মায়া মোহ আদি সকলোৰে বান্ধ মুহূৰ্ত্তত ছিঙি সুদীৰ্ঘ প্ৰায় দুবছৰ কাল অকাতৰে কাৰাবৰণ কৰিলে ফুকনে। কাৰাগাৰত নশ্বৰ শৰীৰ বন্দী হ'ল হয়, কিন্তু মন আৰু আত্মাক বন্দী কৰিবৰ সাধ্য কাৰ? কাৰাগাৰ নিৰ্জ্জাতনৰ মাজতেই নানান ধৰ্ম্ম গ্ৰন্থ, শাস্ত্ৰাদি মনোযোগেৰে অধ্যায়ন কৰিবলৈ ধৰিলে বন্দী ফুকনে। সেই সময়তে “স্তুতিমালা” ৰূপী মনোহৰ সুগন্ধি মালা গাথি মাতৃ ভাষাৰ কণ্ঠত পিন্ধালে। কাৰ৷ মুক্তি হৈ পুনৰ কংগ্ৰেছৰ সেৱাত স্বৰাজ সাধনাত তেওঁ লাগি গ'ল। দেশ বন্ধু চিত্তৰঞ্জন দাস, পণ্ডিত মতিলাল নেহৰু প্ৰমুখ্যে নেতা সকলৰ লগত স্বৰাজ্য দল গঠন কাৰ্য্যত দেহে লাগি গ'ল। ভাৰতৰ ভিন্‌ ভিন্‌ প্ৰদেশত ফুকনৰ অকাট্য যুক্তি বজ্ৰ গম্ভীৰ বাণীয়ে তবধ লগালে।

 ইংৰাজী ১৯১৯ চনৰ প্ৰথন গৱৰ্ণমেন্ট অব ইণ্ডিয়া এক্ট জন্ম হোৱাৰ পাছত মহাত্মা গান্ধিৰে প্ৰধান নেতৃত্বৰ আসন গ্ৰহণত, ভাৰত জাতীয় কংগ্ৰেছ মহা সভাৰ যোগেৰে, ভাৰত স্বাধীনতা লাভৰ কাৰণে বৃটিছ গৱৰ্ণমেণ্টৰ বিপক্ষে সংগ্ৰাম চলাই আহিছে। এই স্বাধীনতা লাভৰ যুদ্ধত স্বাধীনতা গামী প্ৰধান অধ্যক্ষৰ লগত প্ৰমুখ্যে যোদ্ধা সকলৰ সৈতে ভাৰতৰ বহুত স্বাধীন প্ৰিয় লোকে বৃটিছ শাসন নীতিত কঠোৰ যন্ত্ৰণা ভোগ কৰে আৰু দেশৰ প্ৰসিদ্ধ সৈনিক পণ্ডিত মতিলাল নেহৰু,