তৰুণৰাম ফুকনে এই দৰে নিজৰ মত প্ৰকাশ কৰিছিল যে,
দেশৰ এনে সন্ধিক্ষণত মই যদি ব্যক্তিগত ভাবে মহাত্মা গান্ধিক আকৌ
এবাৰ আমাৰ নেতৃত্ব গ্ৰহণ কৰিবলৈ সকাতৰে আহ্বান কৰিব খোজোঁ,
তেন্তে আশা কৰোঁ আপোনা সকলে যেন একো দায় নধৰে।
যাদুকৰৰ দেশ এই কামৰূপত এনে এটা কিংবদন্তি আছে যে, ইয়াত যি কোনো মানুহেই তিনি ৰাতিৰ ওপৰ থাকিলে, ভেৰ৷ হৈ পৰে আৰু আমি সকলোৱে জানো ভেৰা এইটোও বিশেষত্বও আছে যে, সিহতে সদায় তাহাঁতৰ দলপতিৰ পাচ নেৰে। সেই কাৰণে আমি আশা কৰোঁ যাতে যাদুকৰৰ দেশৰ এই মায়াপী শক্তিয়েই আমাৰ মাজৰ পৰা দলিয়া-দলি ভাৱ গুচাই হিন্দু আৰু মুছলমান দুয়োকে ভাতৃভাৱ আৰু প্ৰেমৰ জৰীৰে বান্ধি একগোট কৰি সবৰমতীৰ ভেৰা ৰখীয়াৰ নেতৃত্বত কংগ্ৰেছৰ মাজত একত্ৰ কৰি দিয়ে।
অতীজৰ কামৰূপ ৰাজ্যৰ ভিতৰতে প্ৰসিদ্ধ পাণ্ডৱ নামৰ। এই ৰাজ্যতে বুৰঞ্জীত জিলিকি থকা মহা পৰাক্ৰমী দানৱ আৰু অসুৰ নামে দুটা নাম জাদা বংশৰ ৰজা সকলে ৰাজত্ব কৰি অক্ষয় কিৰিটি অৰ্জন কৰিছিল। বিখ্যাত পাণ্ডৱ নগৰ গুৱাহাটীৰ পৰা পাচ মাইল দূৰৈত। এই নগৰৰ চাৰিও দিকে বিনন্দীয়া প্ৰাকৃতিক দৃশ্য দেখিলে দৰ্শক সকলে প্ৰেমত ভোল গৈ আপোন পাহৰা হয়। এই পাণ্ডৱ নগৰৰ ওচৰতে প্ৰসিদ্ধ কামাখ্যা দেৱীৰ মন্দিৰ। বিশাল পৱিত্ৰ ব্ৰহ্মপুত্ৰ নদ এই নগৰৰ নিচেই কাষেদি বৈ যোৱাত ইয়াৰ সৌন্দৰ্য্য দুগুণে চৰিছে। মহা পুৰুষ পাণ্ডৱ সকলৰ বাসস্থান আছিল কাৰণেই পাণ্ডুৰ নাম পাণ্ডৱ নগৰ।
ইংৰাজী ১৯২৬ চনৰ ডিচেম্বৰ মাহত প্ৰসিদ্ধ পাণ্ডৱ নগৰীত ভাৰত জাতীয় কংগ্ৰেছ মহা সভাৰ ৪১ শ অধিবেশন বহে। এই জাতীয় মহাযজ্ঞৰ মহানুষ্ঠানৰ সভাপতিৰ আসনত আছিল মাদ্ৰাজৰ জন প্ৰিয় বিখ্যাত কংগ্ৰেছ নেতা শ্ৰীযুত নিবাস আয়েঙ্গাৰ। অসমত ভাৰত জাতীয়