সমললৈ যাওক

পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০
দেশভক্ত তৰুণৰাম ফুকন

হল। আমাৰ এই দুজন৷ মহাপুৰুষে অসনৰ এনে এটা প্ৰেম আৰু ভ্ৰাতৃত্ব দোলেৰে বান্ধ খোৱা উদাৰ নাম ধৰ্ম্ম দান কৰি গ'ল যে, কোনো মিশ্যন আদিৰ দ্বাৰা দীক্ষা দিয়া প্ৰথাৰ সহায় নোলোৱা কৈয়ে তান্ত্ৰিক ধৰ্ম্মৰ উপাষক হাজাৰ হাজাৰ ভাই বন্ধুক হিন্দু ধৰ্ম্মৰ মাজলৈ আনিব পৰা সম্ভৱপৰ হ'ল। এই মহাপুৰুষৰ প্ৰচাৰ কাৰ্য্যৰ বাবেই ভাৰতৰ আন আন ঠাইৰ দৰে অসমত অস্পৃশ্যতা ব্যাধিৰ প্ৰাদুৰ্ভাৱ দেখা নাযায়। ধৰ্ম্ম প্ৰচাৰক হিচাবে মাত্ৰ তেওঁলোকৰ খ্যাতি ৰৈ বৈ যোৱা নাই, সাহিত্য ক্ষেত্ৰতো তেওঁলোকে অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিছিল। মূল সংস্কৃত ভাষাৰ পৰা উৎপত্তি হোৱা ভাষা সমুহৰ ভিতৰত অসমীয়া এট৷ প্ৰাচীন ভাষা। মহাপুৰুষ সকলে গীত, ঘোষা, কীৰ্ত্তন, বৰগীত আদিৰ দ্বাৰা অসমীয়া সাহিত্য চহকী কৰি গ'ল আৰু ধৰ্ম্ম সংস্কাৰ হিচাবে তেখেত সকলৰ কৃতকাৰ্য্যতাৰ গুৰিতেই আছিল মানৱৰ উচ্চ ভাৱ অনু ভূতি আৰু মানৱ আত্মাৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণ কৰিব পৰা শক্তি। এই কেইজন স্বনামধন্য কবিৰ পূৰ্ব্বে আৰু পাছতো কেইবা জনো লিখকে অসমীয়াৰ পদ্য আৰু গদ্য সাহিত্যৰ ভৰাল চহকী কৰি থৈ গৈছে। তৰুণ ফুকনে সভাপতিৰ আসনত এইদৰে বুকু ডাঠি কৈছিল যে, তেওঁলোকৰ প্ৰণীত কাৰ্যাৱলীৱে পৃথিবীৰ যি কোনো শ্ৰেষ্ঠ সাহিত্যৰ, শোভা বৰ্দ্ধন কৰিব পাৰে। ভাস্কৰ্য্যৰ ক্ষেত্ৰতো ধুবুৰীৰ পৰা শদিয়া আৰু উত্তৰৰ পৰা দক্ষিণ স্থান সমুহৰ ওপৰেদি চকু ফুৰাই গলেই প্ৰাচীন সভ্যতা আৰু কৃষ্টিৰ মহান গৌৰৱ অনুভৱ কৰি থকা মঠ, মন্দিৰ, মূৰ্ত্তি, সুনিপুণ কাৰুকাৰ্য্য খচিত শিলৰ স্তম্ভ আৰু দেৱালয়ৰ গাত শিল কাটি কৰা অপূৰ্ব্ব ভাৱ ব্যঞ্জক চিত্ৰাঙ্কণ সমুহ দেখিবলৈ পাব।

 এই বিশাল কামৰূপতেই উদাৰ হিন্দু ধৰ্ম্মৰ আসাম ভূমি মুছলমানৰ পোৱামক্ক৷ ইয়াৰ পৰ৷ পোন্ধৰ মাইল দুৰৈত থক৷ হাজোত আছে আৰু ফুকন ডাঙৰীয়াই এই মহাযজ্ঞৰ স্থলত গৌৰৱ কৰি কব পাৰিছিল যে,