কোচ বিহাৰ আৰু ৰংপুৰ জিলাক সাৱটি কৰোয়ং সমাকীর্ণ যাবৎ দিকৰ বাসীনি থকা প্রাচীন কামৰূপ ৰাজ্যই এসময়ত ভাৰতীয় কৃষ্টিৰ কেন্দ্ৰ আছিল । কামৰূপৰ ৰাজকুমাৰ ভাস্কৰ বৰ্ম্মাই চীন দেশৰ পৰি ব্ৰাজক হিৱেন চাঙৰ লগত জনপ্রিয় সম্রাট হৰ্ষবৰ্দ্ধনৰ ওচৰলৈ গৈ সম্বৰ্দ্ধনা পাইছিল। হিৱেন চাঙৰ ভ্ৰমণ কাহীনিয়ে অতীজৰ কামৰূপৰ মহাময়ী গৌৰৱ জগতত জিলিকাই ৰাখিছে ।
ইংৰাজৰ শাসনৰ আমোলত আমাৰ অৱস্থা অতি শোক লাগা হলেও আমি এটা অতি প্রাচীন হিন্দু সভ্যতাৰ উত্তৰাধিকাৰী তাত কোনো সন্দেহ নাই। ফুকন ডাঙৰীয়াই অতি গর্বিত ভাবে এইদৰে কৈছিল যে, যদি পৃথিবীৰ কোনে৷ ঠাইতে হিন্দু ধৰ্ম্মৰ উদাৰ আৰু উন্নতিশীল ৰূপ লাভ কৰি এটা জীৱন শক্তি স্বৰূপে জাগ্রিত হৈ আছে তেন্তে সেই অসমভূমি। অতি প্রাচীন কালত অনাৰ্য্য সভ্যতাই যে আৰ্য্য সভ্যতাৰ আগত মূৰ ডোৱাব লগাত পৰিছিল, এই মূল্যৱান কথাটো আগৰ দিনৰ অসুৰ ৰজাসকলৰ দিল্লীৰ আৰ্য্য বংশীয় ৰজা সকলৰ প্ৰাধান্য স্বীকাৰ কৰা কথাৰ পৰা প্রতীয়মান হয়। মধ্য যুগত অসমীয়াৰ ধৰ্ম্ম বিশ্বাসৰ ওপৰত এবিধ হীন মনোবৃত্তিজাত হিন্দু ধৰ্ম্মৰ গোড়ামীয়ে বিশেষ প্রভাৱ বিস্তাৰ কৰা দেখা যায়, কিন্তু সেই যুগৰ দুজন স্বনামধন্য প্রধান ধৰ্ম্ম সংস্কাৰক শঙ্কৰদেৱ, মাধৱদেৱ আৰু তেওঁলোকৰ সমসাময়িক ব্রাহ্মণ দামোদৰদেৱৰ প্ৰচাৰ কাৰ্য্য অসমভুমিত এটা ধৰ্ম্ম সম্বন্ধীয় নৱ জাগৰণৰ যুগৰ সুচনা কৰে। সেই সময়ৰ সমসাময়িক ভাৰতীয় বৈষ্ণৱ আন্দোলন আৰু ইউৰোপৰ প্ৰটেষ্টান্ট আন্দোলনৰ লগত হে এই আন্দোলন তুলনা কৰিব পাৰি। এই কেইজন মহাপুৰুষে সেই সময়ৰ ৰাজশক্তিৰ হাতত নানা অত্যাচাৰ উৎপীড়ণ সহ্য কৰিব লগাত পৰিছিল আৰু প্ৰৱল প্ৰতাপী অসম ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰি থকা ব্ৰাহ্মণ সকলৰ প্ৰতিপত্তিৰ বিৰুদ্ধে সত্যাগ্রহ অৱলম্বন কৰিব লগাত পৰিছিল। শেষত সত্যৰেই জয়