কামৰূপৰ পাণ্ডুনগৰীত ভাৰত জাতীয়
কংগ্ৰেছ মহাসভাৰ আদৰণি সভাত
তৰুণ ফুকন
ইংৰাজী ১৯২৬ চনত ডিচেম্বৰ মাহত প্ৰকৃতিৰ লীলাভূমি অসমৰ মনোৰম বিখ্যাত পাণ্ডুনগৰীত ভাৰত জাতীয় কংগ্ৰেছ মহাসভাৰ ৪১ শ অধিবেশন বিপুল সমাৰোহেৰে বহে। তৰুণৰাম ফুকন 'অসম দেশৰ শ্ৰেষ্ঠতম কংগ্ৰেছ নেতা। দেশৰ কামত অদ্ভুত ক্ষমতা থকাৰ কাৰণে তেওঁক দেশবাসীয়ে দেশভক্ত উপাধিৰে ভূষিত কৰে। নাম জাদা নেতা হব পৰা তেওঁৰ গাত সকলে৷ বিলাক গুণেই আছিল। কংগ্ৰেছ অনুষ্ঠানৰ মহাযজ্ঞৰ আদৰণি সভাৰ গুৰুত্বৰ ভাৰ পৰিল দেশভক্ত ফুকনৰ গাত। ফুকন ডাঙৰীয়াই অভ্যৰ্থনা সমিতিৰ গুৰুভাৰৰ মহাময়ী কৰ্ত্তা হৈ সভাপতিৰ আসনত নিজৰ মনমুগ্ধ লিখিত বিবৰণিত উপস্থিতি দৰ্শক বৃন্দক বিমোহিত কৰিছিল। তেখেতে এইদৰে সুন্দৰ বৰ্ণনা কৰিছিল :-
প্ৰকৃতিয়ে যোগোৱা স্বাভাৱিক ঐশ্বৰ্য্যত চহকী অসম সচাকৈয়ে মনোৰম৷ আৰু সৌন্দৰ্য্যত জাকজমকীয়া। এই অসমৰ শিতানত বিশাল পৰ্ব্বতশ্ৰেণী লৈ, মাজত ভূটান, খাছিৰ। জয়ন্তীৰা, নগা, গাৰো আদি ওখ বিনন্দীয়া পাহাৰবোৰে আবৰি থক৷ আহল বহল ভৈয়াম খনি লৈ বুকুৰ মাজেদি গহীন গম্ভীৰ ভাবে বৈ যোৱা বিশাল ব্ৰহ্মপুত্ৰ পৱিত্ৰ নদ খনক লৈ অসমে গোটেই পৃথিবীৰ ভিতৰতে এখন অতি ধুনীয়া দেশ বুলি থিয় হব পাৰে। সেই কাৰণেহে বিশ্ব সাহিত্যৰ অমূল্য ভাণ্ডাৰৰ চিৰকলীয়া যোগিণী-তন্ত্ৰত লিখি থোৱা আছে যে, দেৱতা সকলো অসমত আহি মৰিবলৈ বিচাৰে আৰু সাধাৰণ নৰ মনিচৰ কথা কি?
কামৰূপৰ এই পৱিত্ৰ ভূমিতে বশিষ্ঠ, গলভ, শুক্ৰাচাৰ্য্য, কাশ্যপ আদি সুনাম ঋষি মুনি সকলে তপস্যাৰ আশ্ৰম ভূমি বাচি লৈছিল।