নোৱাৰিব কিয়? অসম সদায় কি পাছ পৰি থাকিব? অসমীয়া জাতি নগন্য অনাদৃত হৈ থাকিব? এই মহান আকাঙ্ক্ষা লৈয়ে ফুকনে হৃদয়ত অসীম সাহ বান্ধি অসমবাসীৰ প্ৰধান সেনানায়ক স্বৰূপে অসমলৈ কংগ্ৰেছ মহাসভাৰ অধিবেশন আহ্বান কৰিলে। এই মহাসভাৰ আদৰণি সমিতিৰ সভাপতিৰ দায়িত্বপূৰ্ণ ভাৰৰ বাৰ ললে দেশভক্ত তৰুণৰাম ফুকনে আৰু কৰ্ম্মবীৰ নবীনচন্দ্ৰ বৰদলৈক প্ৰধান সম্পাদকৰ গুৰু ভাৰ দিলে। এই দুগৰাকী মহাপুৰুষে সৰ্ব্বস্বপন কৰি লগত এদল উৎসাহসী সেৱক লৈ কংগ্ৰেছ মহাযজ্ঞৰ অধিবেশনৰ বাবে অক্লান্ত পৰিশ্ৰম কৰি, সমগ্ৰ অসম পৰিভ্ৰমণ কৰি দুলাখমান টকাও তুলিলে। এইজন মহাপুৰুষে ভাৰত জাতীয় মহাযজ্ঞৰ অনুষ্ঠান কৰি অসমত এটি নৱ-যুগৰ সুচনা কৰিলে। কংগ্ৰেছৰ বিৰাট অধিবেশন অসমী আইৰ বিশাল বুকুত বিপুল সমাৰোহেৰে সমাধা হৈ গ'ল। কিন্তু এই মহাযজ্ঞৰ আদৰণি সমিতিৰ বহুত হাজাৰ টকাৰ ধাৰ লাগিল সভাপতি তৰুণৰাম ফুকন আৰু প্ৰধাণ সম্পাদক নবীন চন্দ্ৰ বৰদলৈ ডাঙৰীয়াৰ গলত। এই ধাৰৰ বাবে দুয়োজন মহাত্মালোকৰে পূৰ্ব্বপুৰুষৰ অজস্ৰ বহুমূলীয়া সম্পত্তি বিচাৰ আদালতত নীলাম হৈ গ'ল। আজি পৰ্য্যন্ত এই দুগৰাকী মহাপুৰুষক সেই মহাযজ্ঞৰ ঋণৰ পৰা মুক্ত কৰিব নোৱাৰাত অসমবাসী সচাকৈয়ে সম্পূৰ্ণ দায়ী। পৃথিবীত চন্দ্ৰ দিবাকৰ থাকে মানে তেখেত সকলৰ সুখ্যাতি আৰু সুনাম উদাহৰণ স্বৰূপে জগতত জিলিকি থাকিব। . দেশ প্ৰেমিক ফুকন আৰু দেশ সেৱক বৰদলৈৰ গুণ গৰিমাৰ চিনাকি দিবলৈ ভাষাৰ অভাৱ।
পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/৩৯
অৱয়ব