মণিপুৰ যুদ্ধৰ সময়ত মণিপুৰৰ সেনাপতিৰ প্ৰতি ইংৰাজ চৰকাৰৰ
বিষয়া সকলৰ ব্যৱহাৰ সমৰ্থন কৰি ইংৰাজী ১৮৯০ চনত মৃত্যু চাৰজন
গষ্ট চাহাবে যি বিৱৰণ লিখিছিল তাকে পঢ়ি অসমীয়৷ জাতিৰ বিষয়ে
মোৰ এই ভ্ৰান্তি আহে। মই বুৰঞ্জীৰ মনোযোগী ছাত্ৰ নহও, গতিকে
জাতি জঙ্ঘলী বুলি ধাৰণা। তেতিয়াৰে পৰা মোৰ মনত ৰৈ যায় আৰু
তাকে মই ১৯০৮ চনত লিখো। যি নহওক মোৰ এই ভুল ফেৰিয়ে
গৱৰ্ণমেণ্টৰ বিষয়া কিছুমানৰ মনত সন্তোষ দিছিল আৰু শ্ৰোতাসকলৰ
আগত মই যেতিয়া মোৰ এই ভ্ৰম স্বীকাৰ কৰোঁ, তেতিয়া তেওঁবিলাকে
শুনি বৰ সুখ পাইছিল আৰু লগে লগে মোৰ অসমীয়া৷ ভনীসকলৰ
স্বাভাৱিক সৰল সৌন্দৰ্য্যৰ সুখ্যাতি কৰিবলৈ আৰু তেওঁবিলাকক ভাৰত-
বৰ্ষৰ সেৱাত আৰু স্বদেশী কাৰ্য্যত ব্ৰতী কৰিবলৈ মোক সুন্দৰ সুযোগ
দিছিল।
- মোঃ কঃ গান্ধী।
অসমত ভাৰত জাতীয় কংগ্ৰেছ মহা সভা আহ্বানত
— তৰুণ ফুকন —
ইংৰাজী ১৯২৫ চনত ভাৰত জাতীয় কংগ্ৰেছ মহ৷ সভা আহ্বান সম্পৰ্কে অসমবাসীৰ মাজত দুটা হ'ল। এটা দলে কয় যে কংগ্ৰেছ মহা সভাৰ অধিবেশন অসমত বহাবলৈ নিমন্ত্ৰণ কৰিব লাগে আৰু আন এদলে কয় যে, আহ্বান কৰিব নালাগে। লগা দলৰ ভিতৰত সৰ্ব্ব প্ৰধান নেতা তৰুণৰাম ফুকন। এই বিষয় লৈ দুয়ো দলৰ ভিতৰত বহুতো বাদানুবাদ হয়। পাছত দুয়ো দলে একমত প্ৰকাশ কৰি কংগ্ৰেছ মহা সভাক আহ্বান কৰাটোকে ঠিক কৰিলে। ফুকন ডাঙৰীয়াই জনসাধাৰাণৰ মাজত এই দৰে সুন্দৰ ব্যাখ্যা কৰি কৈছিল যে, কংগ্ৰেছ মহা সভাক ভাৰতৰ সকলো প্ৰদেশে আহ্বান কৰিব পাৰে; অসমে