সমললৈ যাওক

পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫
দেশভক্ত তৰুণৰাম ফুকন

কৰিব নোৱাৰি। অসমৰ দেশহিতৈষী কর্ম্মী সকলে কৰ্ত্তব্য কাম কৰিবলৈ যদি চেষ্টা কৰে, তেনেহলে স্বদেশী বিস্তাৰত আসাম প্রমুখ্য হৈ উঠিব। ইয়াৰ তিৰোতা সকলে তেওঁলোকৰ নিজৰ আৱশ্যতকৈ বহুত বেছি কাপোৰ বব পাৰে ।

 বৰ্ত্তমান এক লাখ বিশ হাজাৰ বিঘা মাটিত অসমত কপাহৰ খেতি হয়। একো বিঘাত গড়ে বাইশ সেৰকৈ কপাহ উৎপন্ন হয়। কিন্তু ইয়াতকৈ বেছি পৰিমাণে কপাহ উৎপন্ন কৰিব পাৰি। ম‍ই ইয়াত অতি সুন্দৰ দীঘল ফুটীয়া কপাহো দেখিবলৈ পাইছোঁ। অন্ধ প্রদেশৰ দৰে অসমৰে৷ প্ৰায় পৰিবাৰ বিলাকৰ ভিতৰত এতিয়াও সুন্দৰ মিহি সূতা কটাৰ প্ৰচলন আছে। অসমীয়া মানুহৰ সময়ৰ অভাৱ নাই বুলি সকলোৱে স্বীকাৰ কৰে। এই বিষয়ে এজন ইংৰাজ লিখকৰ মত ম‍ই আন এঠাইত প্ৰকাশ কৰিছে। । অসমত যঁতৰ প্ৰস্তুত কৰিবৰ উপযোগী কাঠৰ অভাৱ নাই ৷ আশাকৰোঁ স্বদেশী বিষয়ে অসমে উন্নতিৰ উচ্চ আসন লাভ কৰিবগৈ ৷

 অসমীয়াক ভুলক্রমে পিণ্ডাৰী আৰু আন আন জঙ্ঘলী জাতিৰ শাৰীত থোৱা কথাটো কৈ কিছুমান চৰকাৰী বিষয়াই অসমীয়াক সোঁৱৰাই দিছে। সেই বাবে মই অসমীয়া ত্রুটি স্বীকাৰ কৰিছোঁ। যি অসমীয়া জাতি ভাৰতবৰ্ষৰ কোনো শিক্ষিত জাতিতকৈ কোনো বিষয়েই কম নহয় ; সেই মহৎ জাতিৰ এটাৰ কথা মই তেনেদৰে লিখি ঘোৰ অন্যায় কৰিছিলোঁ। নানা বৰণৰ উৎকৃষ্ট চিত্ৰৰে পৰিশোভিত অগৰুৰ ছালত সাচি পাতত লিখা তেওঁলোকৰ সুন্দৰ পুৰণি সাহিত্য আছে। অসমীয়া তিৰোতাসকল সুদক্ষ শিপিনী বুলি শুনা মাত্ৰেই তেওঁলোকৰ প্ৰতি মোৰ অনুৰাগ জন্মিছিল। পাৰ্গতা বোৱনী বাবেই তেওঁলোকে সৌন্দৰ্য্য আৰু অঙ্গাবৰণৰ উদ্দেশ্য অটুত ৰাখি নিজৰ সাজ পাৰ কম খৰচতে · প্ৰস্তুত কৰি লব পাৰে ।