সমললৈ যাওক

পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩
দেশভক্ত তৰুণৰাম ফুকন

তেজস্বী মধুৰ বাণীত অসমৰ নিৰক্ষৰ লৰা-ছোৱালী, ছাত্ৰ-ছাত্ৰী, ডেকা গাভৰু, যুৱক যুৱতী, নৰ-নাৰী, বুঢ়া-বুঢ়ী আদি সকলোৱে অনুপ্ৰাণিত হৈ কংগ্ৰেছৰ মোহিণী মায়াত বিমুগ্ধ হৈ, কাৰো হক৷-বধা নামানি সকলোকে কাতি কৰি থৈ দেশৰ হকে প্ৰাণ দিবলৈ আনন্দ মনেৰে বুকুত সাহ লৈ ওলাই আহিল। এই খিনিতে ফুকনৰ মহাময়ী ক্ষমতাৰ অদ্ভুত পৰিচয় পোৱা যায়। ৰাজনীতি ক্ষেত্ৰত তেওঁৰ নাম অসমতে নহয়, সমস্ত ভাৰতবৰ্ষ তে সুপৰিচিত। অসম দেশত ৰাজনীতি বিষয় আজি যদি কিবা নতুন জাগৰণ দেখা গৈছে তাৰ মূলত আছিল দেশভক্ত তৰুণৰাম ফুকন।

 কুৰি শতিকাৰ আদি মধ্যম খণ্ডত দেশভক্ত তৰুণ ফুকনে ভাৰতৰ আগত অসমৰ আসন প্ৰতিষ্ঠাপিত কৰিছিল। এই সময়ৰ অসমৰ সকলো ৰাজনৈতিক ভাৱধাৰাৰ প্ৰধান কেন্দ্ৰ আছিল তৰুণৰাম ফুকন। ভাৰত মাতৃৰ স্বাধীনতাৰ গোন্ধ হে ফুকনে পাই গ'ল কিন্তু তেওঁৰ জীৱনত হৈ নুঠিল। তেওঁৰ নিচিনা একনিষ্ঠ সেৱকৰ জানো কিবা পৰাধীনতা আছিল। ভাৰত জাতীয় কংগ্ৰেছ মহাসভাৰ বুৰঞ্জীত তৰুণৰাম ফুকনৰ নাম সোণালী আখৰেৰে লিখি ৰাখিব লাগিব।


মনোমহা অসমত তৰুণ ফুকন

 ইংৰাজী ১৯২১ চনত প্ৰথম বাৰ মহাত্মা গান্ধী আসামলৈ আহি অসমৰ বিবৰণ তেখেতে “ইয়ং ইণ্ডিয়া” কাকতত লিখিছিল, সেই বিবৰণ অসম আৰু অসমীয়াৰ শলাগ, দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়াৰ বহুমূখী প্ৰতিভা আৰু অসমৰ গুণ গৌৰৱত তেখেতে কেনে দৰে মুগ্ধ হৈছিল, সেই বিবৰণ প্ৰকাশ কৰা হ'ল।

 বিশাল ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত তেজপুৰত বহি মই এই কথা কেইষাৰ লিখিলোঁ। তেজপুৰ পুৰণি কালত শোণিতপুৰ নামে জনাজাত আৰু বানাসুৰৰ ৰাজধানী বুলি প্ৰখ্যাত আছিল। এই বানাসুৰৰ জীয়াৰী ঊষাক অনিৰূদ্ধই বিয়া কৰায়। সন্তসকলে হৰিহৰৰ