সমললৈ যাওক

পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯
দেশভক্ত তৰুণৰাম ফুকন


 জইণ্ট পাৰ্লেমেণ্টৰী কমিটিৰ বহুদৰ্শী চাহাব মণ্টেগুৱে চেক্ৰেটাৰী অব্, ষ্টেট্‌ ফৰ ইণ্ডিয়া হিচাবে অসম এচোচিয়েচনৰ প্ৰতিনিধিৰ এটা অংশ সমালোচনা কৰি অসমৰ দাবী মঞ্জুৰ কৰিব নোৱাৰে বুলি কলে। এই কথাত অসম এছোচিয়েচনৰ প্ৰতিনিধি দুয়োজনে সদাশয় মন্টেগু চাহাবক ভিতৰুৱাকৈ দেখা সাক্ষাৎ কৰি অদম্য শক্তি আৰু সাহেৰে তেওঁৰ কথাৰ তীব্ৰ প্ৰতিবাদ ভালকৈয়ে কৰিলে আৰু এই বাবেই ভাৰত সচিব মহামান্য মন্টেগু চাহাবে নিজৰ দোষ স্বীকাৰ কৰি ক্ষমা মাগিবলৈ মান্তি হ'ল। কৰ্ম্মবীৰ নবীনচন্দ্ৰ বৰদলৈ ডাঙৰীয়াই স্বাধীন দেশ বিলাতত ন্যায়ৰ তৰ্ক যুদ্ধৰ সমৰ ভালকৈ চলাই অসমবাসীৰ ন্যায্য দাবী পুৰণ কৰি বিশাল ৰাজনৈতিক অনুষ্ঠান “অসম এচোচিচেন” ৰ জয় বিজয়ৰ গৌৰৱৰ পতাকা উৰাই অসমক মন্টেগু চেম্চফোৰ্ডৰ শাসন সংস্কাৰত অন্তৰ্ভূক্ত কৰিলে।

 অসম এচোচিয়েচনৰ অসাধাৰণ ক্ষমতাত সদৌ অসমবাসীয়ে ভাৰত মন্ত্ৰী লৰ্ড মন্টেগু চাহাব আৰু ভাৰত চৰকাৰ লৰ্ড চেম্চফোৰ্ডৰ বিৰুদ্ধে অন্যায় প্ৰতিকাৰৰ ন্যায় আন্দোলনৰ সুত্ৰপাত কৰি অসমক সুকীয়া গৱৰ্ণৰৰ শাসনাধীন কৰিলে। এই বিশাল অনুষ্ঠানৰ যোগেৰে অসমবাসীয়ে অসমৰ উন্নতিশীল সুকীয়া দাবীৰ নিমিত্তে ভাৰত গবৰ্ণমেণ্ট আৰু প্ৰাদেশিক গবৰ্ণমেন্ট বিপক্ষে ন্যায়ৰ আন্দোলন চলাইছে। অসমৰ সুকীয়া বিশ্ববিদ্যালয়, হাইকোৰ্ট মিউজিয়মাদি, প্ৰধান প্ৰধান অত্যাৱশ্যকীয় অনুষ্ঠান প্ৰতিষ্ঠা কৰিবলৈ আৰু অসমৰ পৰ৷ কমিশনাৰ পদ উঠাই দিবলৈ ভালকৈ বিদ্ৰোহৰ সুত্ৰপাত কৰে। এই বিলাকৰ অভাৱ পূৰণ কৰিবলৈ, আৰু অন্যায়ৰ প্ৰতিকাৰ কৰিবলৈ গবৰ্ণমেণ্টে দায়িত্বৰ ভাৰ গ্ৰহণ কৰিছে আৰু লগে লগে প্ৰদেশৰ দুঃখ দুৰ্গতি দূৰ কৰিবলৈকে৷ যথাসাধ্য যত্নৱান হৈছে।

 ইংৰাজী ১৯১৮ চনত মাণিকচন্দ্ৰ বৰুৱাৰ মৃত্যুৰ পিছত দেশভক্ত তৰুণৰাম ফুকন তাৰ পাচত ১৯১৮ চনৰ পৰা ১৯২০ চনলৈকে কৰ্ম্মবীৰ