ইংৰাজী ১৯১৪ সনত পৃথিবীৰ মহাসমৰ আৰম্ভ হৈ ১৯১৮ চনত তাৰ
কাৰ্য অন্ত পৰে । ইয়াৰ পাচতে মন্টেগু চেমচফোৰ্ডৰ ভাৰত শাসন সংস্কাৰৰ
সময়। ভাৰত গৱৰ্ণমেণ্টৰ নবম ডিম্পাচ মতে অসমক মন্টেগু চেচফোৰ্ডৰ
শাসন সংস্কাৰৰ পৰ৷ বঞ্চিত কৰিব খুজিছিল। এই বিষয় লৈ অসম
বাসীৰ অন্তৰত মহা প্রকোপে ৰাজনৈতিক আন্দোলন জাগি উঠে।
অসম এচোচিয়েচনৰ নবীন প্রবীণ বীৰ সকলে আন কোনো উপায়
নেদেখি অৱশেষত বিলাতৰ জইণ্ট পার্লেমেণ্টৰী কমিটিত এই আন্দোলনৰ
প্ৰতিকাৰাৰ্থে অসমৰ পৰা প্ৰতিনিধি পঠাবলৈ ঠিক কৰিলে। এই বিষয়ত
কৰ্ম্মবীৰ চন্দ্ৰনাথ শৰ্ম্মাৰ নাম উল্লেখ যোগ্য। তেওঁলোকে নিচেই কম
সময়ৰ ভিতৰতে অক্লান্ত পৰিশ্ৰম কৰি অসম এচোচিয়েচনৰ পৰা বিলাতলৈ
ডেপুটেশন পঠোৱা প্ৰতিনিধিৰ বাবে কেইবা হাজাৰ টকাও তুলিলে।
ইংৰাজী ১৯১৯ চনত সদৌ অসমবাসীয়ে বিলাতৰ জইণ্ট পার্লেমেণ্টৰী কমিটিৰ সম্মুখত সাক্ষ্য দিবৰ কাৰণে অসম এচোচিয়েচনৰ পৰা অসমৰ সুযোগ্য অসীম সাহসী বীৰ গুৱাহাটীৰ নবীনচন্দ্ৰ বৰদলৈক ডিব্ৰুগড়ৰ শ্ৰীযুত প্রসন্নকুমাৰ বৰুৱাৰ লগত প্রধান সেনাপতি বৰণ কৰি বিলাতলৈ পঠাই দিয়ে।
অসম এচোচিয়েচনৰ নেপ'লীয়ন নবীনচন্দ্ৰ বৰদলৈয়ে সহকৰ্ম্মী শ্ৰীযুত প্রসন্নকুমাৰ বৰুৱাক লগত লৈ বিলাতৰ ৰিফৰ্মচ কমিটিৰ আগত মন্টেগু চেমচ ফোৰ্ডৰ ভাৰত শাসন সংস্কাৰৰ সম্পৰ্কে সাক্ষী দিবলৈ ভাৰত সম্ৰাটৰ প্রধান নগৰী ইংলণ্ডত পদার্পণ কৰে গৈ৷ তেওঁলোকে মন্টেগু চেমচ ফোর্ডৰ ভাৰত শাসন সংস্কাৰ সম্পৰ্কে বিলাতৰ জইণ্ট পার্লে মেণ্টৰী কমিটিৰ আগত অসম এচোচিয়েচনৰ ন্যায্য দাবীৰ মতামত প্ৰদান কৰিলে । তাৰ পাছত তেওঁলোকে ভাৰতবৰ্ষৰ আন আন প্ৰদেশৰ দৰে ভাৰত চৰকাৰৰ নৱম ডিস্পাচ সমালোচনা কৰি এখন বহুমূলীয়া লিখিত জবানবন্দী দিবলৈ অনুমতি পালে । এই জবানবন্দীত অসমে কংগ্ৰেছৰ দাবী অনুসৰণ কৰি আন আন প্ৰদেশৰ লগত লগ লাগিল হি।