গান্ধীক নিজৰ ঘৰতে ৰাখি ভালদৰে আদৰ অভ্যৰ্থনা কৰে। এই সময়তে তৰুণফুকনৰ আহল বহল প্ৰাঙ্গনত অসম দেশৰ জনসাধাৰণৰ এখন বিৰাট যজ্ঞ হয়। এই বিৰাট যজ্ঞ ক্ষেত্ৰত অসমৰ কেউপিনৰ পৰা ২৫ হাজাৰৰ অধিক নৰ-নাৰী আহি যোগদান কৰে। এই মহান যজ্ঞত মহাত্মা জীয়ে নেতৃত্বৰ আসন গ্ৰহণ কৰি জনসাধাৰণৰ সন্মুখত অমূল্য ৰাজনৈতিক বাণী হিন্দী ভাষাত প্ৰচাৰ কৰে। প্ৰিয়তম শিষ্য তৰুণফুকনে উপস্থিতি দৰ্শক বৃন্দৰ আগত মহাত্মাজীৰ হিন্দী ভাষাৰ কথাবোৰ সুন্দৰ অসমীয়া ভাষাত ব্যক্ত কৰি সুনিপুণতাৰ চিনাকি দিয়ে।
ইংৰাজী ১৯২৬ চনৰ ডিচেম্বৰ মাহত দ্বিতীয় বাৰ মহাত্মা গান্ধী অসমত শুভাগমণ কৰে। এই বেলি মহাত্মাজী গুৱাহাটীৰ পৰা ৫ মাইল দূৰৈত পাণ্ডৱ নগৰৰ নিচেই কাষৰ বিশাল পৱিত্ৰ ব্ৰহ্মপুত্ৰ নদৰ পাৰৰ কংগ্ৰেছ কেম্পত থাকে। এই সময়তে৷ তৰুণ ফুকনে মহাত্মাজীক যথা সাধ্য শুশ্ৰূষা কৰে। এই চনতে পাণ্ডৱ নগৰত ভাৰত জাতীয় মহাসভাৰ ৪১ শ অধিবেশন বহে। এই কংগ্ৰেছ মহাসভাৰ মুকলি অধিবেশনত উপস্থিতি সমবেত ভদ্ৰমণ্ডলিৰ আগত তৰুণৰাম ফুকনে কাৰ্য্যদক্ষতাৰ সুৱিজ্ঞ পৰিচয় দিয়ে।
ইংৰাজী ১৯৩৪ চনৰ কোনো এক শুভক্ষণত তৃতীয় বাৰ মহাত্মা গান্ধী অসম পৰিভ্ৰমণ কৰিবলৈ আহি গুৱাহাটীৰ ডাক্তৰ শ্ৰীযুত হৰিকৃষ্ণ দাসৰ ঘৰতে থাকে। এই কালতো তৰুণ ফুকনে মহাত্মাজীক ভালদৰে আদৰ সম্ভাষণ জনায়। এই সময়তে গুৱাহাটীৰ জজফিল্ডত সৰ্ব্বসাধাৰণৰ এখন বিৰাট সভা হয়। হাজাৰ হাজাৰ মানুহে আহি সভাত যোগ দান কৰে। এই সভাতে৷ মহাত্মাই নেতৃত্বৰ আসন গ্ৰহণ কৰে আৰু তেখেতে দৰ্শক বৃন্দৰ আগত সুমধুৰ ৰাজনৈতিক বাণী হিন্দী ভাষাত প্ৰকাশ কৰে। এই সময়তো তৰুণ ফুকনে মহাত্মাজীৰ হিন্দী ভাষাৰ