সমললৈ যাওক

পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩
দেশভক্ত তৰুণৰাম ফুকন


 ব্ৰাহ্মণ জাতিৰ ছোৱালীৰ কুমাৰী কালতে বিবাহ হয়। এই কুমাৰী কালত বিবাহ হোৱাৰ ফলত বহুতে অকালতে বিধবা হৈ সুখময় জীৱন অথলে যায়, আৰু গোটেই জীৱন দুঃখ যন্ত্ৰণাতে কটাব লগাত পৰে। এই জাতিৰ বহুত বিধবাই জাতি ভ্ৰষ্ট হৈ জাতিৰ আৰু বংশৰ কুলঙ্কা বৃদ্ধি কৰে। স্বৰ্গীয় দেশভক্ত তৰুাণৰম ফুকনে ব্ৰাহ্মণ জাতিৰ বিধবা বিলাকৰ কঠোৰ যন্ত্ৰণ৷ দেখি অন্তৰত বৰ আঘাত লাগিছিল আৰু বিধবাৰ প্ৰতি অন্তৰ গলি গৈছিল। তেখেতে এই দৰে মন্তব্য প্ৰকাশ কৰিছিল যে, বৰ দুঃখ আৰু পৰিতাপ কথা এই ব্ৰাহ্মণ জাতিৰ মাজত বিধবা বিবাহ প্ৰচলন নথকাত অৱলা নাৰী জাতিক অৱহেলা কৰাহে হৈছে। ফুকনে ব্ৰাহ্মণ সমাজৰ নিদাৰুণ প্ৰথা উঠাই দিবলৈ চেষ্টা কৰিছিল আৰু দেশত বিধবা বিবাহ প্ৰচলণ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল, থকাহলে কাৰ্য্যত এদিন নিশ্চয় পৰিণত হ'ল হেতেন।

সহানুভূতিত

 ইংৰাজী ১৯১৮ চনৰ প্ৰায় আগৰ কথা অসমৰ যোৰহাট অঞ্চলৰ ভাৰত ব্যৱস্থাপক সভাৰ সদস্য শ্ৰীযুত পদ্মধৰ চলিহ৷ এম, এ ডাঙৰীয়াই আইন কলেজৰ লেকচাৰ সম্পূৰ্ণ কৰি প্ৰাথমিক বি, এল পৰীক্ষাত উত্তীৰ্ণ হৈ ঘৰতে বহি আছিল। ইণ্টাৰ বি, এল পৰীক্ষা দিম বুলি অসুবিধাতে দিব পৰা নাছিল। এবাৰ মৰ সাহ কৰি পৰীক্ষাৰ ১৫ দিন মানৰ আগতে গুৱাহাটীলৈ আহি ভূতপূৰ্ব্ব সোণাৰাম হাইস্কুলৰ হেড মাষ্টৰ স্বৰ্গীয় নৱকুমাৰ বৰুৱা মোমাইদেউৰ ৰ ভৰলুমুখৰ বাহাতে আছিল। তেওঁৱেই মূৰে কপালে হাত দি ভাবি চিন্তি বহি আছে, কিতাপ এখনো খুলি চোৱা নাই। পৰীক্ষা কেনেকৈ দিব? এদিন তেওঁ বুকুত মৰ সাহ আহিল দেখা কৰিবলৈ গুৱাহাটীৰ আৰ্ল ল' কলেজৰ অধ্যাপক সুপ্ৰসিদ্ধ বেৰিষ্টাৰ তৰুণৰাম ফুকনক। তেখেতৰ আগত তেওঁৰ সকলো সমস্যা কথা জনালে।