মাথো ফুকন বিছনাত শুই, তেওঁ বিছনাতে মানুহ জনীৰ বিপদ কাহিনী শুনি তৎক্ষণাতে আহি গধুৰ পাচিটে। তাইৰ মূৰৰ পৰা নমাই দিলে আৰু তাইৰ প্ৰতি তেওঁৰ প্ৰীতি জন্মিছিল। এই এসময়ত গুৱাহাটী ভৰলুমুখৰ কটকী বংশৰ এজনী ছোৱালী বিধবা হৈ তিনিটা সন্তান সন্ততিৰে ভয়ঙ্কৰ বিপদত পৰিছিল। এই নিৰাশ্ৰয় অৱস্থাৰ বিধবাজনীক ফুকনে যথাসাধ্য সহায় কৰে আৰু তেখেতে তাইৰ ভবিষ্যতৰ মঙ্গল কামনা কৰে। অসমৰ নগাও অঞ্চলৰ জখলাবন্ধা সত্ৰৰ গোসাইৰ বংশৰ ছোৱালী এজনী জাতি ভ্ৰষ্ট হৈ কঠোৰ যন্ত্ৰণাত পৰিছিল। এই ছোৱালী জনীক ফুকনে আশ্ৰয়ৰ সুবিধা কৰি লিখা- পঢ়া অলপ শিকাই পাছত পঞ্জাব দেশৰ উচ্চ হিন্দু ধনী পঞ্জাবী এজনৰ লগত বিবাহ দি তাইৰ ভবিষ্যত সুখময় জীৱন কামনা কৰে। জীৱনত তৰুণ ফুকনে ব্ৰাহ্মণ শ্ৰেণীৰ জাতিভ্ৰষ্ট হোৱা বহুতো বিধবাক সহায় সহানুভুতি দেখুৱাই ভবিষ্যত জীৱনৰ কল্যাণ সাধন কৰিছিল।
বিধবা বিবাহত
ভাৰতবৰ্ষত ব্ৰাহ্মণ, ক্ষত্ৰীয়, বৈশ্য আৰু শূদ্ৰ নামে চাৰি জাতিৰ বসতি। এই চাৰি জাতিৰ ভিতৰত ব্ৰাহ্মণেই আটাইতকৈ উচ্চতম জাতি। এই ব্ৰাহ্মণজাতি সকলো জাতিৰ ভিতৰতে সুশিক্ষিত, সুবিজ্ঞ, দাৰ্শনিক চিন্তাশীল, সন্মানি আৰু বেদৰ অধিকাৰী। ব্ৰাহ্মণ জাতিত বাদে দেশৰ আন সকলো জাতিতে বিধবা বিবাহ প্ৰচলন থকাত প্ৰত্যেক জাতিৰ মানুহে শান্তিৰে বাস কৰিব পাৰিছে, কিন্তু ব্ৰাহ্মণ জাতিৰ মাজত বিধবা বিবাহ প্ৰচলন নথকাত এই জাতিয়ে সন্মানত অপমান ভোগ কৰি আহিছে আৰু এই জাতিৰ সমাজ গ্লানিত পৰিণত হৈছে প্ৰাচীন কালত ব্ৰাহ্মণ জাতিৰ যি সমাদৰ আছিল, আজি ব্ৰাহ্মণ জাতিয়ে সেই সমাদৰৰ পৰা বঞ্চিত হৈ আহিছে আৰু ব্ৰাহ্মণত্ব শক্তিও হ্ৰাস হৈ আহিছে।