সমললৈ যাওক

পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১
দেশভক্ত তৰুণৰাম ফুকন

কৰি দিতে হবে? ফুকনৰ কথা শুনি সেই শোকৰ সময়তো মানুহৰ মুখত হাঁহি নিবিৰিঙি নোৱাৰিছিল।

 ইংৰাজী ১৯২৬ চনৰ ডিচেম্বৰ মাহত ভাৰত জাতীয় কংগ্ৰেছ মহাসভাৰ ৪১শ অধিবেশন গুৱাহাটীৰ পৰা পাচ মাইল দূৰৈত পাণ্ডুত বহে। এই অধিবেশনত এহাজাৰৰ অধিক কংগ্ৰেছ ভলন্টিয়াৰে ৰাতি দিনে কাম কৰিছিল। এদিন ৰাতি এজন কৰ্ম্মী ভলন্টিয়াৰ হঠাতে নিমুনিয়া ৰোগত মৃত্যু হয়। একহাজাৰৰ অধিক ভলন্টিয়াৰ আৰু আন আন সকলো মিলি দুহাজাৰৰ বেছি অধিবেশনৰ প্ৰাণ কৰ্ম্মী থকা স্বত্বেও ফুকন ডাঙৰীয়াই নিজে জন নায়ক আদৰ্শ নেতা হৈ ভলন্টিয়াৰৰ শৱ সংকাৰ ক্ৰিয়া শশ্মানত সম্পাদন কৰিলেগৈ। এই বিশাল পৱিত্ৰ অনুষ্ঠানৰ নবীন উৎসাহী কৰ্ম্মী সকলে দুঃখ শোকৰ মাজত সুযোগ্য নায়ক তৰুণ ফুকনক শ্মশান ক্ষেত্ৰত পাই নথৈ আনন্দিত হৈছিল।

 ফুকনৰ মাটিত থকা এজন ৰায়ত আছিল। এদিন ৰাতি তাৰ মৃত্যু ঘটে। ৰায়তৰ ঘৈণীয়েক জনী নিঃসহায় অৱস্থাত আছিল। এই নিৰাশ্ৰয় বিধবা জনীৰ গিৰিয়েকৰ শৱ সৎকাৰ ক্ৰিয়াত সহায় কৰি তাৰ কাৰ্য্য সম্পাদন কৰে। তাৰ পাছতো ফুকন ডাঙৰীয়াই বিধবাজনীক বিপদৰ পৰা উদ্ধাৰ কৰি দুঃখ মোচন কৰে। শেষত গৈ এই বিধবা জনী আৰু বংশই তেওঁৰ বিপক্ষে উঠা স্বত্বেও বিধবা জনী মৰাত শত্ৰুতা ভাব নাৰাখি তাইৰ শৱ সৎকাৰ ক্ৰিয়াত সহায় কৰি মহত্বৰ চিনাকি দিলে।

 এদিন এজনী তিৰোতা বুঢ়ীতকৈ কমবয়সীয়া মুৰত এটি গধুৰ পাচি লৈ পাণ্ডুৰ ফালে গাড়ী গাও অঞ্চলৰ পৰা গুৱাহাটীলৈ আহি ফুকনৰ ঘৰতে সোমাইছিল। তিৰোতা জনী ঘামি যামি অস্থিৰ হৈ গধুৰ পাচিটো মূৰৰ পৰা নমা বৰ কাৰণে তাই মানুহ মাতিছিল, সেই সময়ত তেওঁৰ ঘৰত তাইৰ দুঃখ মোচন কৰিব পৰা কোনো মানুহ নাছিল, আছিল